Breaking

দেৰগাঁৱত বন্ধ ঘৰৰ ভিতৰত বৃদ্ধাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ

0 34

দেৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত খঙীয়া ফেটাগাঁৱত ঘৰৰ ভিতৰত শুকুৰবাৰে উৱলি যোৱা ৬৫ বছৰীয়া ৰহিলা দত্ত নামৰ এগৰাকী বৃদ্ধা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। যোৰহাটৰ ভয়ংকৰ ঘটনাৰ যেন পুনৰাবৃত্তি এইবাৰ দেৰগাঁৱত।অবিবাহিত মহিলাগৰাকী অকলে বসবাস কৰিছিল ঘৰটোত ।শুকুৰবাৰে মহিলাগৰাকীৰ ভতিজাক গুৱাহাটীৰ পৰা আহি দুৱাৰ বন্ধ অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় লোকক খবৰ দিয়ে।


তাৰ পিচতে ঘৰৰ ভিতৰত প্ৰতক্ষ্য কৰে উৱলি যোৱা মৃতদেহটো।যোৱা ৩ মাহ ধৰি বন্ধ হৈ আছিল মহিলাগৰাকীৰ মোবাইল ফোন।যাৰ পৰিপ্ৰেক্ষিতত ৩ মাহ ধৰি ভতিজাকে খবৰ পোৱা নাছিল মহিলাগৰাকীৰ ।
কেনেকৈ কি পৰিস্থিতিত মহিলাগৰাকীয়ে এনে মৃত্যুক সাবটিলে সেয়া এতিয়া ৰহস্যৰ বিষয় ।

দেৰগাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে
গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।কেনেকৈ কি পৰিস্থিতিত বৃদ্ধা মহিলা গৰাকীয়ে এনে মৃত্যুক সাৱতিলে সেইয়া এতিয়াও ৰহস্যৰ আঁৰত।তদন্তৰ পাচতে পোহৰলৈ আহিব মৃত্যুৰ সঠিক কাৰণ । ঘটনাক কেন্দ্ৰ কৰি সমগ্র অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।

Leave A Reply