Breaking

দৰঙৰ পাথৰিঘাটত ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যোদ্ধাৰ ভূমিকা লোৱা ৮ ব্যক্তিক সম্বৰ্ধনা

0 185

দৰংমহামাৰী ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যোদ্ধাৰ ভূমিকা লোৱা সাংবাদিক, চিকিৎসক, স্বাস্থ্য কৰ্মী, আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ ৮ গৰাকী ব্যক্তিক দেওবাৰে পাথৰিঘাট আৰক্ষী চকী চৌহদত অসমৰ বহু ভাষিক ৱেব নিউজ প’ৰ্টেল নৰ্থ ইষ্ট লাইভ ট্যুডেৰ উদ্যোগত সম্বৰ্ধনা জনায়৷ ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত নিজৰ জীৱন তুচ্ছ জ্ঞান কৰি ৰাইজক সজাগ, সচেতনৰ বাবে চিকিৎসক, স্বাস্থ্য কৰ্মী, সাংবাদিক, আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ লোকসকলে লোৱা অগ্ৰণী ভূমিকাক ৰাইজে শলাগ লৈছে৷ ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত যোদ্ধাৰ ভূমিকা গ্ৰহণ কৰা দৰঙৰ দেওঁমৰনৈ সামূহিক চিকিৎসালয়ৰ উপ অধীক্ষক তথা স্বাস্থ্য বিষয়া ডাঃ কমলাকান্ত শৰ্মা, দুনী আদৰ্শ চিকিৎসালয়ৰ জ্যেষ্ঠ আৰু স্বাস্থ্য বিষয়া ডাঃ নিপন দাস, পাথৰিঘাট খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ খণ্ড আঁচনি প্ৰবন্ধক ৰিপুঞ্জয় শইকীয়া, পাথৰিঘাটৰ সাংবাদিক জয়ন্ত কাকতি, দৰঙৰ সাংবাদিক জয়দেৱ ডেকা, পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা, পাথৰিঘাট আৰক্ষী চকীৰ গাঁওৰক্ষী বাহিনীৰ সহকাৰী সম্পাদক যাদৱ চন্দ্ৰ ভূঞা আৰু নিজ সৰাবাৰী গাঁওৰক্ষী বাহিনীৰ সম্পাদিকা ৰুণু বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰে  প’ৰ্টেলটোৰ মুখ্য সম্পাদক দ্বীপেন ডেকাই৷

Leave A Reply