Breaking

ধিঙৰ কান্ধুলীমাৰীত ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হোৱা শিশু উদ্ধাৰ….

0 31

ধিঙৰ ১ নং কান্ধুলীমাৰীত ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হোৱা শিশুৰ মৃতদেহ উদ্ধাৰ শুক্ৰবাৰে দিনৰ প্ৰায় ১২ মান বজাত।


ব্ৰহ্মপুত্ৰ নদীৰ পাৰত খেলি থকা অৱস্থাত নদীত পৰি নিৰুদ্দেশ হৈছিল এগৰাকী দশ বছৰীয়া কণমানি শিশু।


নদীৰ কিনাৰত তিনিটা শিশুৱে খেলি থকা অৱস্থাত নিৰুদ্দেশ হৈছিল শিশুটি।


মাছমৰিয়া আৰু NDRF বাহিনীয়ে বহু সময় ধৰি ব্ৰহ্মপুত্ৰৰ নদীত নিৰুদ্দেশ হোৱা শিশুটি বিচাৰি অভিযান আৰম্ভ কৰিছিল যদিও শুক্ৰবাৰে দিনৰ প্ৰায় ৮ মান বজাত পানীত উপঙি থকা অৱস্থাত লাঠিয়ামাৰীত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ।


স্থানীয় ৰাইজে পানীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰতক্ষ্য কৰে।


ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে।

Leave A Reply