নীলাচল জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীৰে মুখামুখি অনুষ্ঠানত পৰেশ বৈশ্যঃ ডাটা আৰু দক্ষতাহে হ’ব জীৱন-জীৱিকাৰ মাপকাঠী

গুৱাহাটীৰ আগশাৰীৰ শিক্ষানুষ্ঠান নীলাচল জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ সৈতে শিক্ষাবিদৰ এক মুখামুখি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই ভাগ লৈ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। তেওঁক ছাত্ৰ-ছাত্ৰীসকলে নম্বৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থা, শিক্ষাৰ্থীৰ ওপৰত পৰা মানসিক চাপ, জীৱনক শুদ্ধ দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কৰণীয় আদি বিভিন্ন দিশৰ ভালেমান প্ৰশ্নৰ অৱতাৰণা কৰে। শিক্ষাৰ্থীসকলে বৈশ্যক জীৱনত ব্যৰ্থতাৰ সন্মুখীন হ’বলৈ কেনেকৈ নিজকে প্ৰস্তুত কৰিব পাৰি সেই বিষয়েও প্ৰশ্নৰ অৱতাৰণা কৰে। প্ৰশ্নোত্তৰত ভাগ লৈ বৈশ্যই কয় যে এতিয়াও আমাৰ দেশীয় শিক্ষাত নম্বৰৰ প্ৰাধান্য আঁতৰাই নাই যদিও ক্ৰমান্বয়ে মাৰ্কছিটত নম্বৰৰ সলনি দক্ষাতাইহে স্থান ল’ব।

অনাগত দিনত ডাটা আৰু দক্ষতা হ’ব জীৱন -জীৱিকা মাপকাঠী। তেওঁ আৰু কয় যে বিফলতাও জীৱনক অধিক গতিশীল আৰু জয়ী কৰাৰ অন্যতম সুযোগহে মাথোঁ। যিসকলে জীৱনক ভাল পায় , তেওঁলোকক কোনো বিফলতাই বিচলিত কৰিব নোৱাৰে। তেওঁ আৰু কয় যে কোনোৱেই জীৱনত লোকচান ভৰিব লগা নহয়। পৃথিৱীত মানুহে আজীৱন লাভতেই থাকে। কাৰণ মানুহে এই ধৰালৈ আহোঁতেও সুদা হাতে আহে আৰু এই পৃথিৱীৰ পৰা বিদায় লওঁতেও সুদা হাতেৰেই বিদায় ল’ব লাগে। পৃথিৱীৰ থাকি ভোগ কৰা খিনিয়েই লাভ।

জীৱনত লাভ কৰা বৈচিত্ৰ্যপূৰ্ণ অভিজ্ঞতাহে জীৱনৰ মূল সম্পত্তি। মুখামুখি অনুষ্ঠানৰ আগতে বৈশ্যই শিক্ষাৰ্থীসকলৰ শ্ৰেণীকোঠাত ফ্লীপড টিটছিং পদ্ধতিৰে পাঠগ্ৰহণৰ সুবিধা আৰু ফলপ্ৰসূতা সম্পৰ্কে বহলাই আলোচনা কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ অধ্যক্ষ ৰাজীৱ কলিতা, জ্যেষ্ঠা শিক্ষয়িত্ৰী জ্যোতিকা কলিতাকে আন কেইবাগৰাকীও শিক্ষয়িত্ৰী উপস্থিত থাকে। সামৰণিত শিক্ষাৰ্থীসকলে বৈশ্যক ফুলাম গামোচা আৰু শিক্ষাৰ্থীয়ে হাতে সজা ট্ৰফিৰে সম্ভাষণ জনায়।

Related Articles