Breaking

ধুবুৰীৰ এএমকো ৰোড ইছলাম নগৰৰ জামে মছজিদত শৌচালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন…

0 2,066

২০২১-২২ ৰ বিধায়ক উন্নয়ন পুজিৰ অধিনত তিনি লাখ  টকাৰ ব্যায় সাপেক্ষে ধুবুৰীৰ বিধায়ক নজৰুল হকৰ নেতৃত্বত এখন নতুনকৈ শৌচালয় নিৰ্মাণৰ আধাৰ শিলা শুভ উদ্বোধন কৰে ভাষানীৰ চৰ এ আই উ ডি এফ দলৰ আঞ্চলিক সমিতিৰ সভাপতি আলিম উদ্দিন ।
দৰাচলতে শুভাৰম্ভ অনুষ্ঠান খনত স্থানীয় মুৰব্বী সকলোকে ধৰি দুগৰাকী স্থানীয় সাংবাদিক দেৱান জাহাঙ্গীৰ আলম আৰু সাহাদত আলীৰ লগতে এ আই উ ডি এফ দলৰ নেতা কৰ্মী সকলক এখন কৈ ফুলাম গামোচাৰে সম্ভৰ্ধনা জনায়। ইয়াৰ পাছত মছজিদৰ ভিতৰত থকা শৌচালয় খনৰ আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে। 

উক্ত মছজিদ খনত এখন শৌচালয়ৰ বিশেষ প্ৰয়োজন হৈ পৰিছিল পিছে মছজিদ কমিটিৰ উদ্যোগে বিধায়ক নজৰুল হকৰ ওচৰত এখন শৌচালয় নিৰ্মাণ কৰি দিয়াৰ বাবে আবেদন জনাইছিল যদিও বিধায়ক নজৰুল হকে মছজিদ কমিটিৰ লোক সকলৰ আবেদনৰ প্ৰতি সহাৰি জনাই আজি মছজিদ খনত শৌচায়লৰ শুভ উদ্বোধন কৰে  বুলি জানিবলৈ দিয়ে মছজিদ কমিটিৰ সভাপতি ছামছুল হকে। অৱশ্যে বিধায়ক নজৰুল হকৰ এনে পদক্ষেপক ইছলাম নগৰ জামে মছজিদ কমিটিৰ লোক সকলৰ লগতে স্থানীয় ৰাইজে সন্তুষ্ট হৈ ধন্যবাদ জ্ঞাপন কৰে বিধায়ক নজৰুল হকক।

Leave A Reply