নগাঁও প্ৰেছ ক্লাৱত ‘মানুহ খোৱা মানুহ’ উন্মোচন

নগাঁৱৰ যুৱ লেখক তথা শিক্ষক দীপজ্যোতি বৰাৰ গল্প সংকলন ‘মানুহ খোৱা মানুহ’ নগাঁও প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। নগাঁও বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ড° অনন্যা হিলৈদাৰীয়ে গ্ৰন্থখনি উন্মোচন কৰি কয় যে – বৰ্তমান গোলকীকৰণৰ ধাৰাৰ সমান্তৰালকৈ গল্পৰ ধাৰাও সলনি হৈছে। সেয়ে বৰ্তমানৰ গল্পকাৰসকলে গোলকীকৰণৰ ধাৰাৰ সৈতে মিলাই গল্পসমূহ সৃষ্টি কৰা প্ৰয়োজন বুলি মন্তব্য কৰি কেইবাগৰাকী ইংৰাজী সাহিত্যৰ বিখ্যাত লেখকৰ উদ্ধৃতি দিয়ে। তেওঁ গ্ৰন্থখনিৰ সম্পৰ্কত কয় যে – গ্ৰন্থখনিৰ প্ৰায়সংখ্যক গল্পই গ্ৰাম্য জীৱনৰ পটভূমিৰ ওপৰত ৰচনা কৰা হৈছে আৰু এই গল্পসমূহৰ অধিকাংশই পাঠকক আকৰ্ষিত কৰিবলৈ সক্ষম হ’ব। গ্ৰন্থখনিৰ আলোচক হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে ভাষণ প্ৰসংগত কয় যে – গল্প একোটাৰ আৰম্ভণি আৰু সামৰণিৰ ওপৰতে ইয়াৰ উৎকৃষ্টতা নিৰ্ণয় কৰা হয় ।

মই গল্প একোটা সামৰণি মৰাৰ ক্ষেত্ৰত বহু সময়ত অসুবিধাৰ সন্মুখীন হওঁ। কিয়নো গল্পৰ সামৰণি মৰাটো বৰ কঠিন । মই ভাবো গল্পৰ শেষ এনেকুৱা হোৱা উচিত, য’ত পাঠকে কিছু ভবাৰ সমল থাকে । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ইন্দ্ৰজিৎ বেজবৰুৱাই কয় যে – প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়ত অলেখ গল্পৰ সমল লুকাই থাকে। তাকে যেনিবা নিপুণ শিল্পীসকলে যেনেকৈ মণি মুকুতা লগাই একোটা সুন্দৰ শিল্লকৰ্ম গঢ়ি তোলে, ঠিক তেনেকৈ গল্পকাৰসকলেও তেওঁৰ হৃদয়ত সোমাই থকা সমলসমূহ সুন্দৰকৈ গল্পৰ ৰূপ দিয়ে ।

মামণি শৰ্মা ভট্টাচাৰ্যই এটি মঙ্গলাচৰণেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, ৰিন্টু দাস, ববিতা বৰা, নবীন কলিতা, অশোকৰাম ভট্টাচাৰ্য, গিৰীশ দাস, ড° মণ্টুল শৰ্মা, হিৰণ্য কুমাৰ শৰ্মা, সোণাৰাম বৰা, ৰাজেন ফুকন, শোণিত বৰঠাকুৰ, দেবাঙ্গ বৰা, বিদ্যুত বৰুৱা, কবিন পাটৰ প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিকে ধৰি অৰ্ধশতাধিক লোক উপস্থিত থাকে। ছাত্ৰ বলন লেক্‌থেয়ে এটি গীত পৰিৱেশনেৰে সমৱেত সকলক সন্মোহিত কৰা এই অনুষ্ঠানত লেখক কিশোৰ দাসেও বক্তব্য আগবঢ়ায় । সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে সামগ্ৰিকভাৱে আঁত ধৰা অনুষ্ঠানটোৰ শলাগৰ শৰাই আগবঢ়ায় গ্ৰন্থখনিৰ লেখক দীপজ্যোতি বৰাই ।

Related Articles