Breaking

নগাঁৱৰ গোমোঠাগাঁৱত ৯ বস্তা চোৰাং শামুক উদ্ধাৰ…

0 2,156

নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত গোমোঠা গাঁৱত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত শনিবাৰে উদ্ধাৰ হয় ৯ বস্তাকৈ চোৰাং শামুক ৷ ইটাচালী টাউন আৰক্ষী চকীৰ অন্তৰ্গত গোমোঠাগাঁৱত আজি পুৱা ৯ মান বজাত  উদ্ধাৰ হয় এই শামুক ভৰ্তি বস্তাসমূহ। এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জানিব পৰা মতে, স্থানীয় লোকে বস্তাকেইটা প্ৰত‍্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ প্ৰকৃতিপ্ৰেমী সংগঠনৰ সদস্যৰ উপস্থিতিত শামুকখিনি কলং নৈত পেলাই দিয়ে।

লক্ষাধিক টকা মূল্যৰ এই শামুকখিনি কোনো চোৰাং ব‍্যৱসায়ীয়ে ডিমাপুৰলৈ সৰবৰাহৰ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে ধাৰণা ব্যক্ত কৰিছে। আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত চৌদিশে চলি থকা তালাচীৰ ভয়তে চোৰাং ব্যৱসায়ীয়ে উক্ত বস্তাসমূহ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনেদৰে পেলাই থৈ যায় বুলি সন্দেহ কৰা হৈছে ৷

Leave A Reply