নেমছুৰ দৰং জিলা সমিতিৰ মহানুভৱতাঃ শিৱসাগৰৰ বানাক্ৰান্ত কাষত সহায়ৰ হাত সংগঠনটোৰ

শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ বানাক্ৰান্ত লোকসকলৰ কাষত সহায়ৰ হাত আগবঢ়াইছে সংগঠনটোৰ সদস্য সকলে। অভাৱনীয় ক্ষতি হৈছে শিৱসাগৰ জিলাৰ বহু কেইটা অঞ্চল। অন্ন-বস্ত্ৰ-বাসস্থানৰ বাবেও হাহাকাৰ বান ক্ষতিগ্ৰস্ত লোকক দৰং নেমছুৰ কিছু সাহায্য। মানৱীয় দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে নেমছুৰ দৰং জিলা সমিতিয়ে।

শিৱসাগৰ জিলাত শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত হোৱা অসংখ্য পৰিয়ালৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা (নেমছু)ৰ দৰং জিলা সমিতি।

মানৱীয় দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰি দৰং নেমছু য়ে বানাক্ৰান্ত লোকসকলৰ বাবে সামগ্ৰী, শাক-পাচলি ,আৰু কাপোৰৰ সাহায্য কৰে । সংগঠনটোৰ দৰং জিলা সমিতিৰ সভাপতি আফিজ নুৰে জনায় যে দুৰ্যোগৰ সময়ত বিপদগ্ৰস্ত মানুহৰ কাষত থিয় দিয়া সমাজৰ প্ৰতিজন নাগৰিকৰ নৈতিক দায়িত্ব।

নেমছুৰ দৰং জিলা সমিতিৰ এই পদক্ষেপে বানপীড়িত লোকসকলৰ কিছু সকাহ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে‌ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জব্বৰ আলীয়ে।

Related Articles