Breaking

পতাকা উত্তোলন আৰু স্মৃতি তৰ্পনেৰে দৈগ্ৰোং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সামৰণি

0 613

সমগ্ৰ বিশ্বৰ লগতে দেশত সৃষ্টি হোৱা অদৃশ্য শত্ৰু ক’ৰ’ণাৰ আতংকৰ বাবে এইবাৰ অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু বাপতি সাহোন ৰঙালী বিহু উদ্‌যাপন কৰিব নোৱাৰিলে ৰাইজে। বিহু উদ্‌যাপন কৰিব নোৱাৰিলেও নুমলীগড়ৰ দৈগ্ৰোং কেন্দ্ৰীয় ৰঙালী বিহুৰ অনুষ্ঠান সামৰিলে পতাকা উত্তোলনৰ মাজেৰে। ক’ৰ’ণা মহামাৰীৰ বাবে চৰকাৰৰ ঘোষণাৰ প্ৰতি সন্মান জনাই এনেদৰেই সামৰিলে এইবাৰৰ ৪৮ তম দৈগ্ৰোং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ অনুষ্ঠান।ৰাজ্যৰ সৰ্বত্ৰ এতিয়া ক’ৰ’ণা মহামাৰীৰ ত্ৰাস। সমগ্ৰ দেশত অব্যাহত আছে পর্যায়ক্ৰমে তলাবন্ধ। বন্ধৰ বাবে স্তব্ধ হৈ পৰিছে জনজীৱন। বন্ধ হৈ পৰিছে সকলো ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান। চৰকাৰৰ আহ্বান আৰু ঘোষণাৰ প্ৰতি সন্মান জনাই দৈগ্ৰোং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সমিতিয়ে শনিবাৰে পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ অনুষ্ঠানেৰে অন্ত পেলাই ৪৮ তম কেন্দ্ৰীয় বিহু সন্মিলনৰ। মাত্ৰ কেইজনমান বিষয়ববীয়াই পৰম্পৰাগতভাৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখি এফাঁকি বিহু নাম গাই সামৰণি মাৰে। ইফালে এইবাৰৰ সাংস্কৃতিক অনুষ্ঠানৰ অতিথি আছিল জনপ্ৰিয় গায়ক দীক্ষু। এতিয়া এনেদৰেই ক’ৰ’ণা মহামাৰীৰ বাবেই বন্ধ হৈ পৰিছে সকলো অনুষ্ঠান৷

Leave A Reply