Breaking

পদক তালিকাত পঞ্চম স্থানত ভাৰত, কমনৱেলথ গেমছত এতিয়ালৈকে ভাৰতৰ ৪০ টা পদক অৰ্জন…

0 2,177

বাৰ্মিংহামত  চলি থকা কমনৱেলথ ২০২২ ত ভাৰতীয় খেলুৱৈসকলে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰি আছে। ভাৰতৰ খেলুৱৈৰ শিৰত এতিয়ালৈকে জিলিকিছে মুঠ ৪০ টা পদক ৷ আজিৰ দিনটোলৈ পজক  তালিকাৰ পঞ্চম স্থানত আছে ভাৰত। একে সময়তে ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানে পদকৰ ক্ষেত্ৰতো ভাৰতৰ কাষেই চাপিব পৰা নাই৷ বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ৰ নৱম দিনটোতে ভাৰতীয় খেলুৱৈসকল চৰ্চাত আছিল। বিশেষকৈ মল্লযুদ্ধত ভাৰতে তিনিটা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। খেলৰ চতুৰ্থ দিনা, ভাৰতে  মুঠ ১৪  টা পদক অৰ্জন কৰিছিল৷ পদক লাভৰ সংখ্যা পৰৱৰ্তী দিন কেইটাত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰে৷ ফলত আজি  পদকৰ তালিকাত  পঞ্চম স্থানলৈ উধাব পাৰিছে ভাৰতে।এতিয়ালৈকে ভাৰতৰ খেলুৱৈসকলে লাভ কৰা  মুঠ ৪০  টা পদকৰ  ভিতৰত ১৩  টা সোণ, ১১ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জৰ পদক আছে। একে সময়তে, পদক তালিকাত ১৫৫ টা পদকেৰে  অষ্ট্ৰেলিয়া প্ৰথম স্থানত আছে৷ আয়োজক ইংলেণ্ডৰ খেলুৱৈ লাভ কৰিছে মুঠ ১৪৮ টা পদক ।

পদক তালিকাৰ তিনি নম্বৰত আছে কানাডা, কানাডাই  মুঠ৮৪  টা পদক অৰ্জন কৰিছে৷ চতুৰ্থ স্থানত থকা নিউজিলেণ্ডৰ হাতসৈ গৈছে  ৪৪  টা পদক । আশা কৰা হৈছে যে খেলৰ দশম দিনা ভাৰতে নিউজিলেণ্ডক অতিক্ৰম কৰিব আৰু পদকৰ সংখ্যা ৫দ টাৰ ওপৰত হ’ব৷ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানেও কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিছে৷ কিন্তু পদক তালিকাত দেশ খন  যথেষ্ট পিছ পৰি আছে। পাকিস্তানে এতিয়ালৈকে মাত্ৰ ৭ টা পদক জিকিছে৷ যাৰ ভিতৰত আছে এটা সোণ, তিনিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক।
ভাৰোত্তোলন প্ৰতিযোগিতাত পাকিস্তানৰ একমাত্ৰ সোণৰ পদকটো মহম্মদ নোহে লাভ কৰিছে৷  নোহে ১০৯ কিলোগ্ৰাম ওজন শ্ৰেণীত পাকিস্তানৰ হৈ সোণৰ পদক জিকিছে। ইয়াৰ উপৰি পাকিস্তানে কুস্তিত পাঁচটা পদক লাভ কৰিছে। কমনৱেলথ গেমছৰ দশম দিনা ভাৰতৰ খেলুৱৈসকলে এনেবোৰ প্ৰতিযোগিতাত ভাগ ল’ব-


পুৰুষৰ ট্ৰিপল জাম্প ফাইনেল: আব্দুল্লাহ আবুবাকাৰ, এলডোচ পল, প্ৰবীণ চিত্ৰাৱাল – আবেলি ২:৪৫ বজাত
পুৰুষৰ ১০,০০০ মিটাৰ খোজ কঢ়া ফাইনেল: অমিত, সন্দীপ কুমাৰ – আবেলি ৩.৫০ বজাত
মহিলাৰ জেভলিন থ্ৰো ফাইনেল: শিল্পা ৰাণী, অন্নু ৰাণী – আবেলি ৪.০৫ বজাত৷
মহিলাৰ ৪x ১০০ মিটাৰ ৰিলে ফাইনেল: সন্ধিয়া ৫.২৪ বজাত৷

Leave A Reply