Breaking

পদুমনিত আত্মসহায়ক গোটৰ মাস্ক বিক্ৰী কেন্দ্ৰ মুকলি

0 165

ধনশিৰিক’ভিড ১৯ৰ মহামাৰীৰ ভয়াৱহতাৰ পৰা ৰক্ষা পাবলৈ সামাজিক দূৰত্ব বজাই ৰখা আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হোৱা বাবে প্ৰতিটো অঞ্চলত  মাস্কৰ চাহিদা পুৰণ কৰিবলৈ মহিলাসকলৰ উপৰি আত্মসহায়ক  গোটসমূহে বিশেষভাৱে উদ্যোগ লোৱা পৰিলক্ষিত হৈছে৷ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত উন্নয়ন খণ্ডটোৰ কাৰ্যালয়ৰ সমীপত আত্মসহায়ক গোটৰ মহিলাসকলে মাস্কৰ এখন বিপনী আৰম্ভ কৰিছে৷ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দ্বীজেন বৰাই উদ্বোধন কৰা মাস্ক বিক্ৰী কেন্দ্ৰটোত অতি সুলভ মূল্যত মাস্ক বিক্ৰী কৰা হৈছে বুলি জীবিকা সখি অনিমা বৰাই জানিবলৈ দিয়ে৷ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ অধীনৰ গোটসমূহে ইতিমধ্যে কেইবা হাজাৰ মাস্ক বিনামূলীয়াকৈ ৰাইজক বিতৰণ কৰি আহিছে৷ মাস্ক বিক্ৰী কেন্দ্ৰ মুকলি অনুষ্ঠানটোত দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দ্বীজেন বৰাৰ লগতে খণ্ড প্ৰকল্প প্ৰৱন্ধক মুনীন্দ্ৰ গগৈ, অভিযন্তা দীপাঙ্কৰ কোঁৱৰ, ক্ষীৰোদ শইকীয়া মেধি, জীবিকা সখি জ্যোতি মৰান, অনিমা বৰাৰ উপৰি বহুকেইটা আত্মসহায়ক গোটৰ সদস্যা উপস্হিত থাকে৷ উল্লেখযোগ্য যে উন্নয়ন খণ্ডটোৰ অধীনত বৰপথাৰ, উৰিয়ামঘাটতো একোখনকৈ মাস্ক বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়৷

Leave A Reply