Breaking

পশ্চিম কাৰ্বি আংলঙত ১৫০ বিছনাযুক্ত ক’ভিড কেয়াৰ চেণ্টাৰৰ প্ৰস্তুতি জিলা প্ৰশাসনৰ

0 258

পশ্চিম কাৰ্বি আংলংপাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ হামৰেণস্থিত জিলা উপায়ুক্ত কাৰ্যালয়ত ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপনৰ সন্দৰ্ভত এক আলোচনা আৰু প্ৰস্তুতি সভাৰ আয়োজন কৰা হয় ৷ জিলাখনত অৰ্দ্ধসমাপ্ত বা সমাপ্ত হৈ ব্যৱহাৰ নোহোৱাকৈ পৰি থকা চৰকাৰী গৃহত এই ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপনৰ পোষকতা কৰে জিলা প্ৰশাসনে৷ ৰাজ্যিক স্বাস্থ্য বিভাগৰ নিৰ্দেশনাত ১৫০ খন বিচনাযুক্ত এই ক’ভিড কেয়াৰ চেণ্টাৰত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰলোকক ৰখা হ’ব বুলি জানিবলৈ দিয়ে অতিৰিক্ত জিলা উপায়ুক্ত তথা জিলাখনৰ ক’ভিড-১৯ৰ ভাৰপ্ৰাপ্ত বিষয়া মানস দাসে৷ বিশেষকৈ সাধাৰণ জ্বৰ-কাঁহত ভূগি থকা ৰোগীসকলক এই ব্যৱস্থাৰ ভিতৰত সামৰি লোৱা হ’ব বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে পাৰ্বত্য জিলাখনৰ গড়কাপ্টানী বিভাগৰ গৃহোনিৰ্মাণ শাখাই গৃহ নিৰ্মাণৰ কাম আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে শৌচালয় নিৰ্মাণ কাৰ্যৰ প্ৰস্তুতি হাতত লৈছে৷

Leave A Reply