Breaking

পাঁচ বছৰীয়া ৰাহুলৰ চকুৰে এতিয়া পৃথিৱী দেখিছে এহাল দৃষ্টিহীন পিতৃ মাতৃয়ে

0 2,106

বিগত দুদিন ধৰি সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰা এখন প্ৰতিচ্ছবি য’ত দেখা পোৱা গৈছে দৃষ্টিহীন পিতৃ মাতৃক বাট দেখাইছে তেওঁলোকৰ কনমানি সন্তানটিয়ে। পৰিয়ালটোৰ ঠিকনা ৰহাৰ দিঘলদৰিত। এই চৰ্চিত পৰিয়ালটোৰ মুঠ সদস্য পাঁচজন । স্বামী ভগেন হীৰা পত্নী কেতেকী বনিয়া আৰু তিনিগৰাকী কনমানি সন্তানৰ সৈতে সুন্দৰকৈ জীৱন নিৰ্বাহ কৰি আছে পৰিয়ালটোৱে । কিন্তু পৰিয়ালটোৰ একমাত্ৰ ভৰষা তেওঁলোকৰ পাঁচ বছৰীয়া পুত্ৰ সন্তান ৰাহুল হীৰা । ৰাহুলৰ হাতত ধৰিয়ে যাতায়ত কৰে পিতৃ মাতৃয়ে। ৰাহুলৰ চকুৰে এতিয়া পৃথিৱী দেখিছে দৃষ্টিহীন পিতৃ মাতৃয়ে। অকল নগাঁও জিলা তথা ৰহাতে নহয় অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নিজ পিতৃ -মাতৃক লৈ যায় ৰাহুলে।কি দৰে পিতৃ মাতৃক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ লৈ যায় সেই কথা ব্যক্ত কৰিছে কনমানী ৰাহুলে । ৰেলৰ অন্য যাত্ৰীৰ সহায়ত ষ্টেচনবোৰ চিনাক্ত কৰে কনমানি ৰাহুলে ।

পৰিয়ালটোৰ চলিবৰ বাবে সহায় বিচাৰি ভগেন হীৰাৰ লগতে স্থানীয় লোকে চৰকাৰ লগতে ৰাইজলৈ জনাইছে আবেদন। যদি কোনো হৃদয়বান ব্যক্তিয়ে এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচৰে তেওঁলোকৰ ঠিকনা নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত দীঘলদৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১নং ৱাৰ্ড, যোগাযোগ নম্বৰ ৭৫৭৮৯৬০১৩৬, বেংক একাউণ্ট নম্বৰ

BANK NAME – BANK OF INDIA
ACCOUNT HOLDER NAME – BHOGEN HIRA
ACCOUNT NUMBER – 505218210001988
IFSC- BKID0005052।

Leave A Reply