ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানক পুনৰ সকীয়ালে ভাৰতৰ সেনাপ্ৰধানে৷ অপাৰেচন সিন্দূৰৰ প্ৰসংগত মন্তব্য কৰিবলৈ গৈ ভাৰতৰ সেনাপ্ৰধানগৰাকীয়ে পাকিস্তানক সকীয়নি দিয়ে৷ তেওঁ কয়- পাকিস্তানেই সিদ্ধান্ত লওক তেওঁলোক ভূগোলত থাকিব নে ইতিহাসত৷ ভাৰতীয় সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে পাকিস্তানক এনেদৰেই সকীয়াই দিয়ে৷ শনিবাৰে নতুন দিল্লীৰ মানেক্সা চেণ্টাৰত অনুষ্ঠিত ‘ইউনিফৰ্ম আনভেইলড’ অনুষ্ঠানত তেওঁক সোধা হৈছিল যে যোৱা বছৰ যি পৰিস্থিতিত ‘অপাৰেচন সিন্দূৰ’ চলোৱা হৈছিল, তাৰ যদি পুনৰাবৃত্তি হয়, তেন্তে ভাৰতীয় সেনাই কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? সেই প্ৰশ্নৰ উত্তৰত ভাৰতীয় সেনাপ্ৰধানগৰাকীয়ে অতি শক্তিশালী ভাষাত কয়, ‘যদি আপুনি মোৰ কথা আগতে শুনিছে, মই যি কৈছো… সেয়া হ’ল যে যদি পাকিস্তানে সন্ত্ৰাসবাদীক আশ্ৰয় দি ভাৰতবিৰোধী কাৰ্যকলাপ অব্যাহত ৰাখে, তেন্তে তেওঁলোকে সিদ্ধান্ত ল’ব লাগিব যে তেওঁলোকে ভূগোলৰ অংশ হ’ব বিচাৰে নে ইতিহাসৰ অংশ হ’ব বিচাৰে৷’ আৰু অপাৰেচন সিন্দূৰৰ বাৰ্ষিকীৰ কিছুদিন পিছতে ভাৰতীয় সেনাধ্যক্ষই সেই বাৰ্তা দিছিল৷
সেইদিনাও ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰি দিছিল যে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব৷ আজিও সেই বাৰ্তাই দিলে ভাৰতীয় সেনাপ্ৰধানে৷ অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত ভাৰতীয় সেনাই এখন ছবি পোষ্ট কৰে৷ তাত লিখা আছিল, ‘কিছুমান সীমা কেতিয়াও পাৰ হ’ব নালাগে৷ ভাৰতে পাহৰি নাযায়৷ মানৱতাৰ সীমা অতিক্ৰম কৰিলে উপযুক্ত উত্তৰ দিয়া হয়৷ ন্যায় বিচাৰ কৰা হয়৷ ভাৰত ঐক্যবদ্ধ৷’ একেদৰে ভাৰতীয় বায়ুসেনা আৰু ভাৰতীয় নৌসেনায়ো স্পষ্ট বাৰ্তা দিয়ে৷ পুনৰ এপ্ৰিল মাহত ভাৰতীয় সেনাপ্ৰধানগৰাকীয়ে কৈছিল, ‘অপাৰেচন সিন্দূৰ বিভিন্ন ক্ষেত্ৰত সমন্বিত পদক্ষেপৰ দিশত ভাৰতৰ অগ্ৰগতিৰ আটাইতকৈ শক্তিশালী আহিলা আছিল৷ কিন্তু আমি বিভিন্ন ক্ষেত্ৰৰ সংহতি আৰু সমন্বয়ৰ লক্ষ্যত উপনীত হ’ব লাগিব৷’ ‘অপাৰেচন সিন্দূৰ’ৰ পিছত গঠিত যুদ্ধ তথ্য সংস্থা আৰু মনোবৈজ্ঞানিক প্ৰতিৰক্ষা বিভাগৰ বিষয়েও সেনাপ্ৰধানগৰাকীয়ে কয়৷ তেওঁ কয়, ‘আমাৰ ১৫ শতাংশ প্ৰচেষ্টা অপপ্ৰচাৰ অভিযান প্ৰতিহত কৰাত কেন্দ্ৰীভূত আছিল৷’

