Breaking

পানীত পৰিল ১৬শ কোটিঃ কি হ’ল এনআৰচিৰ?

0 2,068

৩১ আগষ্টত হিতেশ দেৱশৰ্মাই অৱসৰ ল’লে৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল হিতেশ দেৱশৰ্মাই৷ প্ৰতীক হাজেলাৰ পাছত দেৱশৰ্মাই সমন্বয়ক হিচাপে দায়িত্ব লৈয়ে কিছুমান পদক্ষেপ গ্ৰহণ কৰিছিল৷ বিশেষকৈ ১৬শ কোটি টকা ব্যয় কৰি প্ৰস্তুত কৰা নাগৰিকপঞ্জীখনৰ নামত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ বিষয়টোত হিতেশ দেৱশৰ্মাই গুৰুত্ব দিছিল৷ মহাগাণনিকৰ প্ৰতিবেদনতো নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ নামত এটা মহলে কোটি কোটি টকাৰ ইফাল-সিফাল কৰাৰ তথ্য লিপিবদ্ধ হৈছে৷ উল্লেখযোগ্য যে সামাজিক মাধ্যমত নাগৰিকপঞ্জীৰ নামত সংঘটিত হোৱা কেলেংকাৰিৰ তদন্ত বিচাৰি হিতেশ দেৱশৰ্মাই মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাক দিয়া এখন পত্ৰ ৰাজহুৱা হৈছে৷ এই পত্ৰখনত দেৱশৰ্মাই প্ৰলয় শীল নামৰ এজন লোকৰ নাম স্পষ্টভাৱে উল্লেখ কৰিছে৷ দেৱশৰ্মাই দুৰ্নীতি নিবাৰক শাখাত দাখিল কৰা অভিযোগ পত্ৰখনত উল্লেখ কৰিছে যে প্ৰলয় শীল নামৰ ব্যক্তিগৰাকী নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ লগত কোনোধৰণে জড়িত নহয়৷ তেওঁ ঠিকাদাৰ নতুবা বিষয়াও নহয়৷ তৎসত্ত্বেও এইগৰাকী ব্যক্তি নাগৰিকপঞ্জীৰ কাৰ্যালয়ত দৈনিক কিয় দেখিবলৈ পোৱা গৈছিল? এই ক্ষেত্ৰত সদ্যঅৱসৰপ্ৰাপ্ত নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত লিখিতভাৱে কৈছিল যে প্ৰলয় শীলক জেৰা কৰিলে বহু কথা পোহৰলৈ আহিব৷


ৰাজ্যিক সমন্বয়ক এগৰাকীয়ে দাখিল কৰা অভিযোগ পত্ৰখনক মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে৷ আনকি শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী তথা চৰকাৰে হিতেশ দেৱশৰ্মাৰ অভিযোগপত্ৰৰ আধাৰত কোনো ধৰণৰ গোচৰ এইপৰ্যন্ত ৰুজু নকৰিলে৷ অসমৰ জাতীয় জীৱনৰ দলিল হোৱাৰ পৰা নাগৰিকপঞ্জীক কোনে বঞ্চিত কৰিলে? অসমক বিদেশী মুক্ত কৰা তথা স্বদেশী আৰু বিদেশী চিনাক্তকৰণৰ বাবে প্ৰস্তুত কৰা নাগৰিকপঞ্জীৰ নামত কোনে কেলেংকাৰি সংঘটিত কৰিলে? কোনে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক বিপথে পৰিচালিত কৰি ৰাজকোষৰ ১৬শ কোটি টকা অপচয় কৰাৰ লগতে অসমীয়া মানুহক চৰম প্ৰতাৰণা কৰিলে, সেই কথাবোৰ অসম চৰকাৰে ৰাজহুৱা কৰিবলৈ আগ্ৰহী নহয়৷ অভিযোগ উঠিছে যে অসম চৰকাৰৰ এটা শক্তিশালী মহলে নাগৰিকপঞ্জীৰ নামত সংঘটিত হোৱা কেলেংকাৰি ঢাকোন দিবলৈ তৎপৰ হৈ পৰিছে৷ যাৰ পৰিণতিত হিতেশ দেৱশৰ্মাই অনা অভিযোগৰ কোনো তদন্ত অসম চৰকাৰে নকৰিলে৷ নাগৰিকপঞ্জীৰ ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকা অত্যন্ত হতাশাজনক৷ চৰকাৰে নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ নামত সংঘটিত কৰা কেলেংকাৰিৰ খলনায়কসকলক ৰক্ষণাবেক্ষণ দিবৰ বাবে বিভিন্ন কৌশলৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাক ৰক্ষণাবেক্ষণ দিবলৈ গৈ হিতেশ দেৱশৰ্মাৰ সকলো অভিযোগ একাষৰীয়া কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ 

এক আগষ্টত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নতুন ৰাজ্যিক সমন্বয়ক হিচাপে পাৰ্থপ্ৰতিম মজুমদাৰে যোগদান কৰিছে৷ ইতিমধ্যে নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ নামত সংঘটিত কেলেংকাৰিৰ তদন্ত বিচাৰি হিতেশ দেৱশৰ্মা হতাশ হৈছে৷ নতুন সমন্বয়ক পাৰ্থপ্ৰতিম মজুমদাৰে কেলেংকাৰিৰ তদন্ত নকৰাকৈ বিষয়টো আগবঢ়োৱা সহজ নহ’ব৷ অসম চৰকাৰে নাগৰিকপঞ্জীখনক লৈ কোনো ধৰণৰ আগ্ৰহ দেখুওৱা নাই৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ নাগৰিকপঞ্জীক লৈ যথেষ্ট উৎসাহ প্ৰদৰ্শন কৰিছিল৷ সংসদৰ মজিয়াতো ইয়াক লৈ আগ্ৰহ দেখুওৱাই নহয়, সমগ্ৰ দেশতে অসমৰ আহিৰ্ত নাগৰিকপঞ্জী প্ৰস্তুত কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ অমিত শ্বাহৰ এই ঘোষণা কিন্তু আগনাবাঢ়িল৷ ইয়াৰ কাৰণ বিহাৰকে ধৰি বিভিন্ন ৰাজ্য চৰকাৰ আৰু জনসাধাৰণে নাগৰিকপঞ্জীৰ প্ৰয়োজন নাই বুলি ঘোষণা কৰে৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অসমত নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ ভিত্তিবৰ্ষ অসম চুক্তিৰ আধাৰত ১৯৭১ কৰা হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা অবৈধ বিদেশী বহিষ্কৰণৰ ভিত্তিবৰ্ষ ১৯৫১ হ’ব লাগে বুলি বিভিন্ন সময়ত মন্তব্য কৰি আহিছে৷ এতিয়া দিল্লী-দিছপুৰত একে দলৰ চৰকাৰ আছে৷ মুখ্যমন্ত্ৰী শৰ্মা কেন্দ্ৰীয় চৰকাৰৰ অতি ঘনিষ্ঠ৷ তেনেস্থলত অসমৰ অবৈধ বিদেশী নাগৰিকৰ সমস্যাৰ লগতে নাগৰিকপঞ্জীৰ বিষয়টোৰ যদি কোনো সমাধান নহয়, ই হ’ব অত্যন্ত দুৰ্ভাগ্যজনক৷ মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে বিজেপিৰ একাংশ নেতাই বিদেশী বহিষ্কৰণৰ ভিত্তিবৰ্ষ আৰু নাগৰিকপঞ্জীৰ ভিত্তিবৰ্ষ ১৯৫১ হ’ব লাগে বুলি কৈ আহিছে৷ অসমৰ খিলঞ্জীয়া মানুহে বিদেশী বহিষ্কৰণৰ ভিত্তিবৰ্ষ ১৯৫১ হ’লে সুখী হ’ব৷ কিন্তু ভিত্তিবৰ্ষ যদি ১৯৫১ হয়, তেতিয়া অন্য এক সমস্যা আছে৷ প্ৰথম সমস্যা হ’ল, অসমৰ উজনি, মধ্য আৰু কেতবোৰ অঞ্চলত ১৯৫১১ নাগৰিকপঞ্জীখন পাবলৈ নাই৷ দ্বিতীয়তে মেঘালয়, মণিপুৰ, অৰুণাচল, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা বৰ অসমৰ অন্তৰ্ভুক্ত আছিল৷ এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ৷

Leave A Reply