আজি গুৱাহাটীৰ পানী খাইতিত শৰাইঘাট ফটো টাইপছ চৌহদৰ প্ৰৱেশদ্বাৰত অসমৰ আধুনিক ছপাশাল উদ্যোগ স্থাপনৰ বাটকটীয়া তথা শৰাইঘাট ফটো টাইপছৰ প্ৰয়াত স্বত্বাধিকাৰ যোগেশ শৰ্মাৰ এটি আৱক্ষ মূৰ্তি উন্মোচন কৰা হয়। শিল্পী বীৰেণ সিংহই নিৰ্মাণ কৰা আৱক্ষ মূৰ্তিটি উন্মোচন কৰে বিশিষ্ট লেখক, বিজ্ঞানী, অভিধানিক ডঃ দিনেশ চন্দ্ৰ গোস্বামীয়ে। ধৰণীধৰ গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকে বনলতা প্ৰকাশনৰ স্বত্বাধিকাৰ অনন্ত হাজৰিকা, সঁফুৰা আলোচনীৰ প্ৰকাশক ধীৰাজ গোস্বামী, আৰ জি পাব্লিকেছনৰ স্বত্বাধিকাৰ ৰাকেশ গোস্বামী, শৰাইঘাট ফটো টাইপছৰ প্ৰবন্ধক তপন গ্স্বামী, প্ৰকাশক অপূৰ্ব কলিতা, নিতুল নেওগ, আমাৰ অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক তথা স্বদেশ পটভূমি আলোচনীৰ সম্পাদক ৰবীন ভূঞা, ইংৰাজী দৈনিক দ্য আছাম ৰাইজিং কাকতৰ কাৰ্যাহী সম্পাদক দুলাল মিশ্ৰকে লগতে প্ৰয়াত যোগেশ শৰ্মাৰ পৰিয়ালৰ বহু লোক। উল্লেখ্য অসমত আধুনিক ছপাশাল প্ৰতিষ্ঠাৰ অগ্ৰণী ব্যক্তি যোগেশ শৰ্মাৰ জন্ম হৈছিল ১৯৩২ চনৰ ১২ ফেব্ৰুৱাৰীত নলবাৰীৰ এখন ভিতৰুৱা গাঁৱত।
পঢ়ি থকা অৱস্থাৰে পৰা ঘৰৰ গধুৰ দায়িত্ব লবলগীয়া হোৱা যোগেশ শৰ্মাই পৰৱৰ্তী সময়ত বহু কষ্টৰ বিনিময়ত ১৯৬৬ চনত গুৱাহাটী ক্লাৱত শৰাইঘাট প্ৰিণ্টাৰ্চ প্ৰতিষ্ঠা কৰিছিল। ১৯৭৫ চনত তেওঁ স্থাপন কৰিছিল শৰাইঘাট অফচেট প্ৰেছ। ইয়াৰ পিছত ১৯৮৮ চনৰ ৪ ফেব্ৰুৱাৰীত শৰাইঘাট অফচেট প্ৰেছৰ নাম ৰখা হৈছিল শৰাইঘাট ফটো টাইপছ। সেই ছপাশালৰ জড়িয়তেই প্ৰয়াত শৰ্মাই অসমৰ সাহিত্য জগতক সমৃদ্ধ কৰা বহু আপুৰুগীয়া গ্ৰন্থ অসমৰ ৰাইজক উপহাৰ দিছে। শৰাইঘাট অভিধান, অসমীয়া ভাষাৰ প্ৰথম ইয়েৰ বুক শৰাইঘাট অসম ইয়াৰ বুক, ডঃ দিনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা কালজয়ী ছিৰিজৰ শতাধিক গ্ৰন্থকে ধৰি বহু মূল্যবান গ্ৰন্থৰ প্ৰকাশক আছিল প্ৰয়াত যোগেশ শৰ্মা। প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাস সম্পাদিত বুধবাৰ কাকত খনৰো প্ৰকাশক আছিল যোগেশ শৰ্মা। ২০২৩ চনৰ ৩ মাৰ্চত দানবীৰ হিচাবেও খ্যাত অসমৰ আধুনিক ছপাশাল উদ্যোগ স্থাপনৰ বাটকটীয়া যোগেশ শৰ্মাই শেষ নিশ্বাস ত্যাগ কৰিছিল। তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যেই আজি পানখাইতিত আৱক্ষ মূৰ্তিটি উন্মোচন কৰা হয়।

