যুৱ সমাজক একত্ৰিত কৰাৰ লক্ষ্যৰে পুনৰ ভাৰত জোড়ো যাত্ৰাৰ আৰ্হিত দেশজুৰি বৃহৎ অভিযানৰ প্ৰস্তুতি চলাইছে ৰাহুল গান্ধীয়ে৷ উল্লেখ্য, পূৰ্বে ৰাহুল গান্ধীয়ে উলিওৱা ভাৰত জোড়ো অভিযানে বেছ জনপ্ৰিয়তা লাভ কৰিছিল৷ এইবাৰ পুনৰ কংগ্ৰেছে দেশৰ যুৱক-যুৱতীসকলক একত্ৰিত কৰি তেওঁলোকৰ হৃদয় জয় কৰিবলৈ এক বৃহৎ অভিযান আৰম্ভ কৰিব৷ কংগ্ৰেছৰ এই নতুন কাৰ্যসূচী ৰাহুল গান্ধীক আগত লৈ অহা ১৭ জুনৰ পৰা আৰম্ভ কৰা হ’ব৷ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে কয় যে কংগ্ৰেছে দেশৰ ছাত্ৰ-ছাত্ৰী, চাকৰিপ্ৰত্যাশী, যুৱক-যুৱতী আৰু শিক্ষাবিদসকলক একত্ৰিত কৰাৰ বাবে দেশজোৰা অভিযান আৰম্ভ কৰিব৷ ১৭ জুনত ৰাহুল গান্ধীৰ উপস্থিতিত কোটাৰ পৰা আৰম্ভ হ’ব এই কাৰ্যসূচী৷
তাৰ পিছত ১০ জুলাইত এলাহাবাদ, ১১ জুলাইত পাটনা আৰু ১৪ জুলাইত দিল্লীত এই কাৰ্যসূচী অব্যাহত থাকিব৷ বেনুগোপালৰ মতে এই কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী, পৰীক্ষাৰ্থী, যুৱ সংগঠন, শিক্ষাবিদ আৰু পৰীক্ষাৰ কেলেংকাৰিত প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হোৱা সকলোকে একত্ৰিত কৰা হ’ব৷ এই দেশজোৰা কাৰ্যসূচীত ৰাহুলে সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীক একত্ৰিত কৰিবলৈ সকলো কংগ্ৰেছ সংগঠনক বাৰ্তা প্ৰদান কৰিছে৷ বেনুগোপালে কয় যে সকলো কংগ্ৰেছ কৰ্মী আৰু সংগঠনক বৃহৎ পৰিসৰত কেম্পাছ, কোচিং চেণ্টাৰ, বিশ্ববিদ্যালয়, বিদ্যালয় আৰু যুৱ কেন্দ্ৰলৈ গৈ মত বিনিময় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ ছ’চিয়েল মিডিয়া, লাইভ ¦ীনিং আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰত্যক্ষ যোগাযোগৰ নিৰ্দেশ দিয়া হৈছে৷ বেনুগোপালে লগতে কয় যে এই কাৰ্যসূচীত ৰাহুল গান্ধীয়ে পূৰ্বে উত্থাপন কৰা দাবীসমূহ লৈ ৰাজপথলৈ ওলাই আহিব৷ যাৰ ভিতৰত আছে নীট প্ৰশ্ন ফাদিল, পৰীক্ষাৰ মাচুল বাতিল, প্ৰশ্নকাকত ফাদিল চক্ৰৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ লগতে শিক্ষা খণ্ডত চৰকাৰৰ শিথিল মনোভাব৷

