Breaking

পুনৰ হত্যাৰ ভাবুকি মুকেশ আম্বানীক! ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতালত ফোন কৰা হৈছে, আৰক্ষীৰ তদন্ত অব্যাহত

0 646

মুকেশৰ পত্নী নীতা, দুই পুত্ৰ আকাশ আৰু অনন্ত আম্বানীক দিছে মৃত্যুৰ ভাবুকি। চিকিৎসালয়খন উৰুৱাই দিয়াৰ ভাবুকিও দিয়া হৈছে। এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।ৰিলায়েন্সৰ নেতা মুকেশ আম্বানীক পুনৰ মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। মুকেশৰ পত্নী নীতা, দুই পুত্ৰ আকাশ আৰু অনন্ত আম্বানীয়ে লাভ কৰিছে মৃত্যুৰ ভাবুকি। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি বুধবাৰে এজন অজ্ঞাত ব্যক্তিয়ে ফোন কৰি ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতালত ভাবুকি দিয়ে। মুম্বাই আৰক্ষীয়ে ফোনটো কোনে কৰিছে সেই কথা জানিবলৈ আৰম্ভ কৰিছে তদন্ত। ডিবি মাৰ্গ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।সূত্ৰ অনুসৰি বুধবাৰে নিশা প্ৰায় ১২:৫৭ বজাত চিকিৎসালয়খনৰ লেণ্ডলাইন নম্বৰত ফোন কৰি ভাবুকি প্ৰদান কৰা হৈছে। অভিযোগ উত্থাপন হৈছে চিকিৎসালয়খন উৰুৱাই দিয়াৰ ভাবুকিও দিয়া হৈছিল।

প্ৰসংগক্ৰমে অভিযোগ উঠিছিল যে চলিত বৰ্ষৰ আগষ্ট মাহতো মুম্বাইৰ চিকিৎসালয়খনত ভাবুকিমূলক ফোন কল আহিছিল। মুকেশৰ পৰিয়াললৈ ৮ বাৰ ফোন কৰি হত্যাৰ ভাবুকি দিয়া বুলি দাবী কৰা হৈছে। তদন্তৰ সময়ত আৰক্ষীয়ে আফজল নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল।ইয়াৰ পূৰ্বে যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত এখন গাড়ীত উদ্ধাৰ হোৱা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰাৰ বাবে মুম্বাইৰ আম্বানীৰ ঘৰ ‘আন্তিলা’ৰ সন্মুখত বোমাৰ আতংকৰ সৃষ্টি হৈছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি গাড়ীখনৰ ভিতৰত ২০ টা বিস্ফোৰক সামগ্ৰী ‘জেলেটিন’ উদ্ধাৰ কৰা হৈছে।

Leave A Reply