Breaking

পূব কামৰূপ মহাবিদ্যালয়ৰ সোনালী জয়ন্তী উৎসৱৰ গ্ৰন্থমেলা উদ্বোধন । বৰ্তমান ছাত্ৰ ছাত্ৰীৰ মুৰত হাত থোৱা শিক্ষকৰ সংখ্যা কমি আহিছে :: ড০ হিতেশ ডেকা । পূব কামৰূপ মহাবিদ্যালয়ৰ সোনালী জয়ন্তী উৎসৱৰ গ্ৰন্থমেলা উদ্বোধন কৰিলে ড০ সূৰ্য কুমাৰ হাজৰিকাই

0 51


বাইহাটা চাৰিআলি, ১৭ নবেম্বৰ :: বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি আৰম্ভ হল উত্তৰ কামৰূপৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুস্থান বাইহাটা চাৰিআলিস্থ পূব কামৰূপ মহাবিদ্যালয়ৰ সোনালী জয়ন্তী বৰ্ষৰ সামৰণি উৎসৱৰ। আজি পূৱা ৯ বজাত পূব কামৰূপ মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ ভূপেন কুমাৰ শৰ্মাই । সোণালী জয়ন্তী উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ মূখ্য সভাপতি দিগন্ত কলিতাই। ১০ বজাত শ্বহীদ তৰ্পণ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অধ্যাপক মোহন চন্দ্ৰ কলিতাই। ইয়াৰ পাছত মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠাৰ লগত জড়িত প্ৰয়াত ব্যক্তি সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সোনালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা প্ৰাক্তন অধ্যক্ষ ফুলেশ্বৰ ধিঙে। ১০ -৩০ বজাত প্ৰদৰ্শনীৰ দ্বাৰ উদ্ঘাটন কৰে মহাবিদ্যালয় খনৰ প্ৰাক্তন অধ্যাপক খগেন্দ্ৰ নাথ তালুকদাৰে। গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য কুমাৰ হাজৰিকাই নিজৰ ভাষন প্ৰসংগত ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত গ্ৰন্থ অধ্যয়নেই মূল মন্ত্ৰ বুলি কয়। দিনৰ প্ৰায় ১১-৩০ বজাৰ পৰা সোণালী জয়ন্তী উপলক্ষে উলিওৱা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰি অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়াই অসমৰ সংস্কৃতিৰ সুন্দৰতাৰ বিষয়ে ব্যাখ্যা কৰে। শোভাযাত্ৰাত অসমৰ বাৰেৰহনীয়া কৃষ্টি সংস্কৃতিৰ নিদৰ্শন সমূহ প্ৰতিফলিত হয়। দিনৰ ২-৩০ বজাৰ পৰা মহাবিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ তথা দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ শশাংক ডেকাই সঞ্চালনা কৰা ন পূৰণি ছাত্ৰ ছাত্ৰী সন্মিলন উদ্বোধন কৰে মহাবিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ তথা দৈনিক অসম কাকতৰ সম্পাদক ড :হিতেশ ডেকাই। নিজৰ উদ্বোধনী ভাষনত ড০ ডেকাই পূব কামৰূপ মহাবিদ্যালয় খনক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাৰ দিশত গুৰুত্ব আৰোপ কৰে। তেওঁ আজিৰ সমাজত গুৰু শিষ্যৰ সম্পৰ্ক অৱনমিত হোৱা বুলি উল্লেখ কৰি কয় যে ছাত্ৰ ছাত্ৰীৰ মুৰত হাত থোৱা শিক্ষকৰ সংখ্যা কমি আহিছে। সভাত উপস্থিত থাকে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ ভূপেন কুমাৰ শৰ্মা। সন্মিলনত বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰী তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে স্মৃতি ৰোমন্থন কৰে। সন্ধিয়া বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে।

Leave A Reply