অহা আগষ্ট মাহত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ ‘ষষ্ঠ সদৌ অসম পেৰা স্পৰ্টছ মিট ২০২৬’ (6th All Assam Para Sports Meet 2026) ৰ বাবে নগাঁও জিলা দলটো বাছনি কৰাৰ উদ্দেশ্যেৰে ২৮ জুন, ২০২৬ (দেওবাৰ) তাৰিখে নগাঁৱত এক ঐতিহাসিক ক্ৰীড়া কাৰ্যসূচী সফলতাৰে সম্পন্ন হৈ যায়। ‘পেৰালিম্পিক এছ’চিয়েচন অৱ আছাম’ৰ অন্তৰ্গত ‘নগাঁও জিলা পেৰা স্পৰ্টছ এছ’চিয়েচন’ৰ উদ্যোগত নগাঁও ক্ৰীড়া সন্থাৰ ঐতিহাসিক খেলপথাৰ অৰ্থাৎ নুৰুল আমিন ষ্টেডিয়ামত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় এদিনীয়া ‘জিলা ভিত্তিক পেৰা ক্ৰীড়াবিদ বাছনি শিবিৰ- ২০২৬’। কালিৰ এই বাছনি শিবিৰৰ পৰা নিৰ্বাচিত ক্ৰীড়াবিদসকলে আগন্তুক ৭, ৮ আৰু ৯ আগষ্টত গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স, উত্তৰ গুৱাহাটীৰ উদয়াচল আৰু বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুলত হ’বলগীয়া মূল ৰাজ্যিক প্ৰতিযোগিতাত নগাঁও জিলাক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব।

পুৱাৰে পৰা আৰম্ভ হোৱা দিনযোৰা এই বাছনি প্ৰতিযোগিতাখনত পেৰা-খেলুৱৈ আৰু ক্ৰীড়াপ্ৰেমীৰ এক অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা যায়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মুঠ ১৫৯ গৰাকী প্ৰতিভাৱান পেৰা ক্ৰীড়াবিদে এই প্ৰতিযোগিতাত অত্যন্ত উৎসাহেৰে ভাগ লয়। পেৰা খেলুৱৈসকলক পৰিচালনা আৰু খেলসমূহ সূচাৰুৰূপে সম্পন্ন কৰিবলৈ চৰকাৰী আৰু বেচৰকাৰী সংগঠনৰ মুঠ ৫৮ গৰাকী সমল ব্যক্তি আৰু অফিচিয়েল উপস্থিত থাকে। ইয়াৰ উপৰিও ‘নগাঁও জিলা পেৰা স্পৰ্টছ এছ’চিয়েচন’ৰ ১৪ গৰাকী কাৰ্যবাহী সদস্য আৰু ১৫ গৰাকীতকৈও অধিক বিশিষ্ট অতিথিৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
প্ৰতিযোগিতাখনিৰ মূল কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে নগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা (ভাঃপ্ৰঃসেঃ) য়ে । মুখ্য অতিথিৰ আসন অলংকৃত কৰি জিলা আয়ুক্তগৰাকীয়ে উপস্থিত খেলুৱৈ আৰু তেওঁলোকৰ অভিভাৱকসকলক সম্বোধন কৰি এক অত্যন্ত আৱেগিক তথা প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে। তেখেতে কয় যে শাৰীৰিক প্ৰত্যাহ্বান কেতিয়াও জীৱনৰ হেঙাৰ হ’ব নোৱাৰে। খেলুৱৈসকলে দেখুওৱা অদম্য মনোবল আৰু জীয়াই থকাৰ সংগ্ৰামক ভূয়সী প্ৰশংসা কৰি তেখেতে সকলোকে আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰে।
১২ বছৰ বা তাৰ ওপৰৰ খেলুৱৈসকলৰ বাবে পেৰালিম্পিক গাইডলাইন অনুসৰি অনুষ্ঠিত হোৱা এই বাছনি প্ৰতিযোগিতাত ল’ৰা আৰু ছোৱালী উভয়ৰে বাবে বিভিন্ন খেলৰ আয়োজন কৰা হৈছিল। ইয়াৰ ভিতৰত আছিল-১০০ মিটাৰ পেৰা ৰেচ (দৌৰ),পেৰা লং জাম্প, পেৰা ডিস্কাচ থ্ৰ’, পেৰা শ্বট পুট,পেৰা বেডমিণ্টন, পেৰা দবা (Chess) খেল।
প্ৰতিখন খেলতেই প্ৰতিযোগীসকলৰ মাজত উৎসাহ আৰু প্ৰতিদ্বন্দিতা দেখিবলৈ পোৱা যায়। শাৰীৰিক সীমাবদ্ধতাক নেওচি ট্ৰেক আৰু ফিল্ডত খেলুৱৈসকলে দেখুওৱা চমকপ্ৰদ প্ৰদৰ্শনে উপস্থিতসকলক মন্ত্ৰমুগ্ধ কৰি তোলে।
পেৰা ক্ৰীড়াবিদ বাছনি শিবিৰৰ এই বিশেষ দিনটোত খেলুৱৈসকলক উৎসাহিত কৰিবলৈ সমল ব্যক্তি হিচাপে উপস্থিত থাকে নগাঁও ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক তপন দাস, উপ-সভাপতি তপন শৰ্মা, ৰোটাৰী ক্লাব নগাঁৱৰ সভাপতি অমন দাসৱানী, নগাঁও জিলা পেৰা স্পৰ্টছ এছ’চিয়েচনৰ উপদেষ্টা তথা সমাজকৰ্মী অভিজিৎ নাথ, সভাপতি অমিতাভ বৰা আদিকে ধৰি জিলা ক্ৰীড়া বিভাগৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়া। কাৰ্যসূচীৰ শেষত নগাঁও জিলা পেৰা স্পৰ্টছ এছ’চিয়েচনৰ সম্পাদক দুৰ্লভ পৱন বৰুৱা আৰু কোষাধক্ষ্য জুন ৰাজখোৱাই সমগ্ৰ প্ৰতিযোগিতাখন সুকলমে পৰিচালনা কৰাত সহায় কৰা সকলো পক্ষকে ধন্যবাদ জ্ঞাপন কৰে।
নগাঁও জিলা প্ৰশাসন আৰু জিলা ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত এই বাছনি শিবিৰে অসমৰ ক্ৰীড়া জগতলৈ কেইবাগৰাকীও ভৱিষ্যতৰ তাৰকা উপহাৰ দিব বুলি আশা কৰা হৈছে। খেলুৱৈসকলৰ চকুত দেখিবলৈ পোৱা জয়ৰ হেঁপাহ আৰু আত্মবিশ্বাসে প্ৰমাণ কৰিলে যে সুযোগ পালে তেওঁলোকেও ৰাজ্য তথা দেশৰ নাম উজ্জ্বল কৰিবলৈ সক্ষম।
অসমৰ পেৰা ক্ৰীড়া ক্ষেত্ৰখনক এক নতুন মাত্ৰা প্ৰদানৰ দিশত ‘পেৰালিম্পিক এছ’চিয়েচন অৱ আছাম’ৰ মুখ্য পৃষ্ঠপোষক, বিশিষ্ট সমাজকৰ্মী তথা উদ্যমী মহিলা ৰিণিকি ভূঞা শৰ্মা আৰু সন্থাৰ সম্পাদক ৰাজীৱ দে’ৰ সক্ৰিয় নেতৃত্ব আৰু বিশেষ উদ্যোগ সঁচাকৈয়ে প্ৰশংসনীয়। তেখেতসকলৰ দূৰদৰ্শী চিন্তা আৰু নিৰন্তৰ প্ৰচেষ্টাৰ ফলতেই আজি নগাঁৱৰ দৰে মফচলীয় অঞ্চলৰ বিশেষভাৱে সক্ষম খেলুৱৈসকলে নিজৰ ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শন কৰাৰ বাবে এখন উপযুক্ত মঞ্চ লাভ কৰিবলৈ সক্ষম হৈছে।

