Breaking

বকোত আত্মপ্ৰকাশ নাট্য সম্ৰাট ব্ৰজেন দাসৰ উদ্যোগত সুদৰ্শন চিনে থিয়েটাৰ…

0 2,071

আধুনিক কৃষ্টি আৰু সংস্কৃতিৰ নাট্য সম্ভাৰ লৈ কামৰূপ জিলাৰ বকোত ন ৰূপত আত্মপ্ৰকাশ ঘটিছে সুদৰ্শন চিনে থিয়েটাৰ নামৰ এক নাট্য দ’ল। উল্লেখ্য যে ; বকো অঞ্চলৰ খলিহাৰ জেষ্ঠ্য নাট্য শিল্পী অসম চৰকাৰ আৰু অসম সাহিত্য সভাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মঞ্চ অভিনেতা তথা মঞ্চ সম্ৰাট হিচাপে জনাজাত ব্ৰজেন দাসৰ একান্ত প্ৰচেষ্টাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ন – পুৰণি শিল্পীৰ সমাহাৰেৰে ২০২২ – ২৩  বৰ্ষৰ নাট্য সম্ভাৰ লৈ শুভাৰম্ভৰ প্ৰস্তূতি চলিছে থিয়েটাৰ সুদৰ্শন চিনে থিয়েটাৰৰ। কামৰূপ জিলাৰ বকোত মুখ্য কাৰ্যালয় স্থাপন কৰি খলিহাত আখাৰা গৃহ পাতি আৰম্ভ কৰা সুদৰ্শন চিনে থিয়েটাৰৰ আজি আনুষ্ঠানিক ভাৱে আখাৰাগৃহৰ শুভাৰম্ভ কৰা হয়। ইতিমধ্যে পেণ্ডেল ; মঞ্চ আৰু যাৱতীয় সা সামগ্ৰী মজুত কৰা হৈছে বুলি জানিব দিয়ে মুখ্য প্ৰযোজক ব্ৰজেন দাসে।

ইফালে শিল্পীৰ আত্মমৰ্য্যদা আৰু স্বাম্বলম্বীতাৰ সুবিধা প্ৰদান কৰিবলৈ এই প্ৰয়াস বুলি তাৎপৰ্যপূৰ্ণ কথাৰে আজি আয়োজন কৰে নাট্য শিল্পীৰ আখাৰা। আজিৰ আখাৰাৰ শুভাৰম্ভণি অনুস্থানত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ড: গণেশ্বৰ চহৰীয়া ; ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰী ; বকো সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতা ; শিল্পী গৰাকীক ভাতৃ হেমেন দাস ; অনাদী পাটোৱাৰী ; কিৰণ ৰাভা আদিকে ধৰি বহু সংখ্যক শিল্পী ক’লা কুশলী। ইফালে নাট্যদলটিৰ বাবে যোগাযোগ কৰিবলৈ ৭৬৩৫৯৪৩২০৪ নম্বৰ প্ৰকাশ কৰে সুদৰ্শন চিনে থিয়েটাৰৰ মূখ্য প্ৰয়োজক ব্ৰজেন দাসে।  

Leave A Reply