বজালীৰ কেন্দুগুৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত এজন…

বজালীৰ কেন্দুগুৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটো সংঘটিত হয় ১২৭ নং (এ) ইণ্ডো-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত।

দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী বাইক আৰোহী।

বাইক আৰোহীগৰাকী অঞ্চলী বাদুলিপাৰাৰ বুলু দাস (৩০) বুলি জানিব পৰা গৈছে।

চাৰিচকীয়া বাহনৰ লগত মুখামুখি সংঘৰ্ষৰ ফলতে বাইক আৰোহী বুলু দাসৰ থিতাতে মৃত্যু হয়।

দুৰ্ঘটনাত পতিত হোৱা চাৰিচকীয়া বাহনখনৰ নম্বৰ হৈছে AS 36 1417 আৰু বাইকখনৰ নম্বৰ হৈছে AS 28 F 0870।

দুৰ্ঘটনাটোত চাৰিচকীয়া বাহনৰ চালকগৰাকীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু ততাতৈয়াকৈ পাঠশালাৰ মদন ৰাউতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় পাঠশালা আৰক্ষী৷

Related Articles