Breaking

বাঘবৰৰ চৰাঞ্চলত জিলা উপায়ুক্ত আয়ুস গাৰ্গৰ আকস্মিক পৰিদৰ্শন…

0 2,082

 বৰপেটা জিলাৰ নৱ নিযুক্ত উপায়ুক্ত আয়ুস গাৰ্গে শুক্ৰবাৰে হঠাৎ জিলা খনৰ বাঘবৰ সমষ্টিৰ একাংশ চৰাঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। উপায়ুক্ত গৰাকীয়ে বৰপেটাৰ ব্ৰহ্মপুত্ৰ নদীয়েদি যন্ত্ৰচালিত নাঁৱৰে পোনে পোনে আহি সুখোৱাৰঝাৰ পাৰঘাটত নামি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেবাটাও জল জীৱনৰ পানী যোগান আঁচনি পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বিভাগীয় ভাৱে কাম আৱন্টন পোৱা ঠিকাদাৰ আৰু একাংশ বিষয়া কৰ্মচাৰীৰ লগত মত বিনিময় কৰি শীঘ্ৰে কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। উপায়ুক্ত আয়ুস গাৰ্গে ইয়াৰ পিছত আলোপতি চৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ খন আকস্মিক পৰিদৰ্শন কৰি স্বাস্থ্য কেন্দ্ৰ খনৰ ডেলিভাৰী কোঠা, চিকিৎসকৰ কোঠাৰ লগতে ঔষধৰ ষ্টক তন্ন তন্নকৈ পৰীক্ষা কৰে। উপায়ুক্ত গৰাকী সংশ্লিষ্ট স্বাস্থ্য কেন্দ্ৰ খনৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ উপৰিও কৰ্মৰত চিকিৎসক কৰ্মচাৰী লগত মত বিনিময় কৰে।

ইয়াৰ উপৰিওঁ চৰাঞ্চলৰ একমাত্ৰ উচ্চশিক্ষানুষ্ঠান আলোপতি মাজৰচৰস্থ লুইতপৰীয়া মহাবিদ্যালয় পৰিদৰ্শন কৰি কলেজ খনৰ বিভিন্ন সমস্যাৰ বুজ লৈ অধ্যক্ষ ড০ জছিম উদ্দিন আহমেদৰ লগতে অন্যান্য অধ্যাপক সকলৰ লগতো মত বিনিময় কৰে। উপায়ুক্ত আয়ুস গাৰ্গৰ এই পৰিদৰ্শন কালত অতিৰিক্ত উপায়ুক্ত খনিন্দ্ৰ দাস, বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ছানবৰ চুতীয়াৰ লগতে জনস্বাস্থ্য কাৰিকৰী বৰপেটা উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ছিছিৰ ভৰালী, বাঘবৰ শাখাৰ কনিষ্ঠ অভিযন্তা ছাদ্দাম হুছেইনৰ লগতে মন্দিয়া ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কেবাজনো বিষয়া কৰ্মচাৰী সহযোগিতা আগবঢ়ায় । উল্লেখ্য যে, উপায়ুক্ত গৰাকীক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে একাংশ লোকে ব্যক্তিগত ভাৱেও সম্ভৰ্ধনা জনোৱা পৰিলক্ষিত হয়। নগৰবেৰা সাংবাদিক সন্থাৰ ফালৰ পৰাও নৱ নিযুক্ত উপায়ুক্ত আয়ুস গাৰ্গ আৰু অতিৰিক্ত উপায়ুক্ত খনিন্দ্ৰ দাসক ফুলাম গামোচাৰে সম্ভৰ্ধনা জনোৱা হয়। ৰাইজৰ এনে বিপুল সঁহাৰিত উপায়ুক্ত গৰাকী অভিভূত হৈ পৰে।

Leave A Reply