বানপীড়িত ৰাইজৰ বাবে তৃতীয় পৰ্যায়ৰ সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ

বানপীড়িত ৰাইজৰ বাবে তৃতীয় পৰ্যায়ৰ সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ। সহজে বীমাৰ ধন লাভৰ সুবিধা, পূৰ্বৰ ১৫,০০০ টকাৰ উপৰি অতিৰিক্ত ১০,০০০ টকাৰ অন্তৰ্ৱৰ্তীকালীন সাহায্য, বিদ্যুৎ বিল আৰু খাজনা ৰেহাই, অংগনৱাড়ী কেন্দ্ৰসমূহলৈ অনুদানকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত ঘোষনা কৰে যে বান প্ৰভাৱিতসকলৰ বাবে নতুন সকাহৰ বতৰা। ৩ আগষ্টৰ পৰা তাৎক্ষণিক ১৫,০০০ অন্তর্বর্তীকালীন সাহায্য প্ৰদান কৰা হ’ব। শিৱসাগৰ-চৰাইদেউত ১০ আগষ্টত প্রতিটো ক্ষতিগ্রস্ত পৰিয়াললৈ অতিৰিক্ত ১০,০০০ টকা দিয়া হ’ব। শিৱসাগৰ-চৰাইদেউত জুলাইৰ ৩০০ ইউনিটলৈকে ঘৰুৱা/জীৱন ধাৰা বিদ্যুৎ বিল ৰেহাই। শিৱসাগৰ-চৰাইদেউবাসীৰ বাবে এবছৰৰ মাটিৰ খাজনা ৰেহাই। বান প্ৰভাৱিত অঞ্চলৰ অংগনৱাড়ী কেন্দ্ৰৰ মেৰামতি-শিশু সামগ্রী ক্ৰয় আৰু চাফাইৰ বাবে ২ৰ পৰা ২.৫ লাখ টকা দিয়া হ’ব।

প্রতিখন বানপীড়িত জিলাৰ বাবে বীমা কোম্পানীৰ ন’ডেল বিষয়া নিযুক্তি। বান প্রভাৱিত জিলাকেইখনত বীমা দাবী ক্ষিপ্র নিষ্পত্তিৰ বাবে ২৪০৭ হেল্পলাইন আৰু বিশেষ সহায় কেন্দ্র। ন্যূনতম নথিৰে বীমা দাবী গ্রহণ। আত্মপ্ৰমাণপত্ৰ আৰু ভিডিঅ’ প্রমাণো গ্রহণযোগ্য। চৰকাৰীভাবে ঘোষিত মৃতকৰ তালিকাৰ ভিত্তিত জীৱন বীমাৰ দাবী পৰিশোধয বান পৰিস্থিতি উন্নত নোহোৱা পর্যন্ত এ পি এছ চিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী অভিযন্তাৰ পৰীক্ষা স্থগিত।

Related Articles