Breaking

বাৰ্মিংহামৰ খেলপথাৰত উদ্দাম নৃত্য কোহলীৰ, আজিও অক্ষত কোহলীৰ এটিটিউড!

0 89

বিৰাট কোহলী-নামেই যাৰ পৰিচয়। ভাৰতীয় দলৰ অধিনায়কত্ব আৰু কোহলীৰ বেটত ৰানৰ বন্যা এতিয়া অতীত হৈ পৰিলেও কোহলীৰ মাজত থাকি গৈছে অধিনায়ক সুলভ আগ্ৰাসন আৰু ঔদ্ধত্য। মুঠতে খেলপথাৰত আজিও অক্ষত কোহলীৰ ‘এটিটিউড’। ইয়াৰ মাজতে কোহলীৰ আটাইটকৈ আকৰ্ষণীয় দিশটো হৈছে তেওঁৰ নৃত্য। খেলপথাৰত যেতিয়াই সুযোগ পায় তেতিয়াই নৃত্য কৰে কোহলী। এইটো নতুন কথা নহয়। বাৰ্মিংহামতো বেটেৰে বিশেষ পাৰদৰ্শিতা দেখুৱাব নোৱাৰিলেও পলকতে চৰ্চিেত হৈ পৰে কোহলীৰ নৃত্য।


শনিবাৰে বাৰ্মিংহামৰ এজবাষ্টনত ইংলেণ্ডক পৰাস্ত কৰি ভাৰতে ৩খন শৃংখলাত ২-০ৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। কোহলীৰ ক্ৰমাগত ব্যৰ্থতা যেন পুনৰ বাৰ দেখিবলৈ পোৱা গ’ল বাৰ্মিংহামত। পুনৰ ক্ৰীড়ানুৰাগীৰ প্ৰত্যাশাক পূৰ্ণ ৰূপ দিয়াত ব্যৰ্থ হয় কোহলী।  ৩টা বলত মাত্ৰ ১ ৰানৰ কৰিয়েই অহা বাটে উভতি যায় কোহলী। কিন্তু বাউণ্ডেৰী লাইনত ফিল্ডিং কৰি থাকোঁতে কোহলীয়ে তেওঁৰ দৰ্শনীয় নৃত্যৰে অনুৰাগীৰ হৃদয় স্পৰ্শ কৰে।


ইয়াৰ পূৰ্বে কোহলীয়ে এজবাষ্টনত ইংলেণ্ডৰ বিৰুদ্ধে এখন টেষ্ট মেচতো নৃত্য কৰিছিল। টেষ্ট ক্ৰিকেটতো চিনাকি ছন্দত দেখিবলৈ পোৱা নগ’ল ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীক। স্বাভাৱিকতে প্ৰশ্ন উঠিছে, বেটেৰে নোৱাৰি কোহলীয়ে এইদৰেই অনুৰাগীৰ হৃদয় জিনিব বিচাৰিছে নেকি?

Leave A Reply