Breaking

বৰষুণৰ বাবে স্থগিত হ’ল IPLৰ ফাইনেল।অনুৰাগীয়ে ৰে’লৱে ষ্টেচনতে শুই বহি সময় কটালে…

0 82

বৰষুণৰ বাবে আই পি এল ২০২৩ৰ ফাইনেল ‘ৰিজাৰ্ভ ডে’লৈ স্থানান্তৰিত কৰাৰ পিছতে ৰে’লৱে ষ্টেচনত শুই থকা দেখা গ’ল অনুৰাগীসকলক। দেওবাৰে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেল খন বৰষুণৰ বাবে খেলখনক ৰিজাৰ্ভ ডে’লৈ স্থানান্তৰিত কৰা হয়। হাজাৰ হাজাৰ অনুৰাগীয়ে ৰে’লৱে ষ্টেচনত শুই বহি সময় কটালে। আজি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত কিছুমান ভিডিঅ’ আৰু ছবি ওলাইছে য’ত ৰে’ল ষ্টেচনত মজিয়াত শুই থকা কেইবাজনো চি এছ কে অনুৰাগীক দেখা গৈছিল।যদিও ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) অনুৰাগীসকলক সংৰক্ষিত দিৱসত একে টিকট ব্যৱহাৰ কৰিবলৈ অনুমতি দিছে, তথাপিও পিছদিনা ফাইনেলৰ বাবে ঘৰলৈ উভতি নাযায় এইদৰে সময় কটাই।

ৰে’লৱে ষ্টেচনত চি এছ কেৰ জাৰ্চি পিন্ধা একাধিক অনুৰাগী দেখা পোৱা গ’ল।বৰষুণৰ বাবে আই পি এলৰ ফাইনেল সোমবাৰলৈ পিছুৱাই দিয়াৰ বাবে ৰেলৱে ষ্টেচনত শুই থাকিল বহু CSK ৰ অনুৰাগী।আই পি এলৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে চূড়ান্ত খেলখনক ৰিজাৰ্ভ ডে’লৈ স্থানান্তৰিত কৰিবলগীয়া হৈছিল। খেলখন পিছুৱাই দিয়াটোৱে ষ্টেডিয়ামত থকা বহু অনুৰাগীৰ লগতে ঘৰতে টি ভি সন্মুখতে অপেক্ষা কৰি থকা অনুৰাগীকো স্তম্ভিত কৰি তুলিছিল।

Leave A Reply