Breaking

মঙলদৈত মানসিক বিকাৰগ্ৰস্ত লোকে জাপে জাপে পিন্ধা কাপোৰৰ পৰা ওলাল ধন

0 31

দৰং জিলাৰ সদৰ স্থান মঙলদৈ নগৰত অনাই বনাই ঘূৰি ফুৰা মানসিক বিকাৰগ্ৰস্ত এজন লোকে জাপে জাপে পৰিধান কৰা কাপোৰৰ পৰা টকা উদ্ধাৰ হোৱা ঘটনাই একপ্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মঙলদৈৰ ‘ ইউনিটি উই দ্য ব্লাড দোনাৰ’ নামৰ স্বেচ্ছাসেৱী সংগঠনটিৰ কৰ্মকৰ্তাসকলে আজি মঙলদৈ নগৰত অনাই বনাই ঘূৰি ফুৰা মিলন নামৰ এজন মানসিক বিকাৰগ্ৰস্ত লোকক উদ্ধাৰ কৰি লোকজনে পিন্ধি থকা লেতেৰা কাপোৰ খুলি গা ধুৱাই দিয়াৰ লগতে চুলি দাড়ি কটাই পৰিষ্কাৰ কৰি তোলে ।

উল্লেখ্য যে মানসিক বিকাৰগ্ৰস্ত বুলি ৰাইজৰ মাজত পৰিচিত লোকজনে ২০-২৫ তাতকৈও অধিক চাৰ্ট-পেন্ট পিন্ধি ফুৰিছিল। সংগঠনটিৰ সদস্য সকলে মিলনৰ দুৰ্গন্ধময় পোছাক খুলি গা ধুৱাই ঔষধ পৰ্যন্ত দি পাৰ্যমানে পৰিষ্কাৰ কৰে । ইপিনে পৰিষ্কাৰ কৰাৰ পিছত মিলনে পৰিধান কৰা কেইবাটাও চাৰ্টৰ পৰা উদ্ধাৰ হয় ৮ হাজাৰৰো অধিক ধন । মিলনক উদ্ধাৰ কৰাৰ পিছত স্বাস্থ্য পৰীক্ষাৰ বাবে কাইলৈ তেজপুৰ মানসিক চিকিৎসালয়লৈ নিয়া হব বুলি জানিবলৈ দিয়ে সংগঠনটোৰ সম্পাদক ৰুমু বড়োই ।


Leave A Reply