মঙলদৈ আদালত চৌহদত শুকুৰবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ নৱ নিৰ্মিত আদালত ভৱনৰ দ্বাৰ উন্মোচন কৰা হয়।এই আদালত ভৱনৰ দ্বাৰ উন্মোচন কাৰ্যসূচী উপস্থিত থাকে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধী, ন্যায়াধীশ মনিচ চৌধুৰী, ন্যায়াধীশ ইউনি কৃষ্ণন নায়াৰ, ন্যায়াধীশ সঞ্জীৱ কুমাৰ শৰ্মা , দৰং জিলা আয়ুক্ত আয়ুশি জৈন, জিলা আৰক্ষী অধীক্ষক ডঃ ৰবীন কুমাৰ সিঙৰ লগতে মঙলদৈ উকীল সন্থাৰ সভাপতি মাধৱ ৰাজবংশী।
দৰং জিলা ন্যায়ালয়ৰ বিষয়া কৰ্মচাৰী, গৃহনিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰী, উকীল সন্থাৰ ব্যক্তি সকলৰ লগতে জিলা খনৰ বিশিষ্ট ব্যক্তি সকল এই কাৰ্যসূচীত উপস্থিত থাকে। নতুন আদালত ভৱনৰ উদ্বোধনে ইমান দিনে জিলা খনৰ ন্যায় ব্যৱস্থাৰ যি অভাৱ আছিল সেয়া পৰিপূৰ্ণ হৱ বুলি মন্তব্য কৰে উপস্থিত ব্যক্তিসকলে।

