Breaking

মাজুলী-যোৰহাট সংযোগী পকী দলং নিৰ্মাণথলীত নিমাওমাও পৰিৱেশ…

0 2,390

মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণক লৈ সৃষ্টি হৈছে গভীৰ শংকা। দলং নিৰ্মাণথলী দক্ষিণপাটত নাই কোনো যন্ত্ৰ পাতিৰ শব্দ, নাই কোনো শ্ৰমিক তথা কোম্পানীৰ বিষয়া কৰ্মচাৰী পৰিলক্ষিত হোৱা নাই। ইয়াৰ পূৰ্বে শ্ৰমিকে গিচগিজাই আছিল বৰ্তমান ইয়াৰ বিপৰী ছবি দেখা গৈছে। খুঁটাৰ পাইলিংৰ ৰডবোৰ মামৰে ধৰিবলৈ আৰম্ভ কৰিছে। স্থানীয় লোকে অভিযোগ  কৰা মতে মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণত জড়িত প্ৰায় শ্ৰমিক গুচি গৈছে। বৰ্তমান যি কেইজনমান শ্ৰমিক আছে সেই শ্ৰমিকসকলেও অতি কম দিনৰ ভিতৰত মাজুলী এৰি যোৱা কথা সদৰী কৰিছে। দলং নিৰ্মাণকাৰী সংস্থা ইউ পি ব্ৰিজ ষ্টেট কনষ্ট্ৰাচন কোম্পানীৰ মাত্ৰ কেইজনমান বিষয়া আছে । তদুপৰি এই দলং নিৰ্মাণৰ বাবে মজুত কৰি ৰখা শ শ চিমেন্টৰ বেগ  পঞ্জাৱবদী ট্ৰাকৰ জৰিয়তে মাজুলীৰ পৰা উভতাই লৈ গৈছেগৈ বুলি স্পষ্টকৈ প্ৰকাশ কৰি দিছে। ইপিনে ইউ পি ষ্টেট ব্ৰিজ কনষ্ট্ৰাকশ্যনৰ সলনি অন্য দলং নিৰ্মাণকাৰী সংস্থাৰ জৰিয়তে মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম ৰূপায়ণ কৰাৰ কথাও সাধাৰণ লোকৰ মাজত চৰ্চা হৈছে। এই কথা যদি সত্য প্ৰমাণিত হয় তেতিয়া হ’লে নতুনকৈ নিবিদা আহ্বান হ’ব। এই নতুন প্ৰক্ৰিয়াৰ জৰিয়তে যোৱা মানেই মাজুলীবাসীৰ বাবে বহু প্ৰত্যাশিত দলং নিৰ্মাণৰ কাম বহু বছৰলৈ পিছুৱাই যোৱাটো নিশ্চিত হ’ল। কলিয়া-ভোমোৰা দলং নিৰ্মাণকাৰী কোম্পানীৰ ওপৰত মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ দায়িত্ব ন্যস্ত কৰাৰ সম্ভাৱনা আছে বুলিও কথা ওলাইছে। অৱশ্যে এটা নিভৰৰ্যোগ্য সূত্ৰই সদৰী কৰা মতে এই দলং নিৰ্মাণত চোৱাচিতা কৰাৰ কাৰণে ইতিমধ্যে অট’ৰথী ইঞ্জিনিয়াৰ দল নিযুক্তি দিয়া হৈছে। অতি সোনকালে দলং নিৰ্মাণৰ কাম পুনৰ আৰম্ভ হবগৈ। 

কোৱা বাহুল্য যে, মাজুলীবাসীৰ সপোনৰ মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণত সংঘটিত হোৱা বিসংগতি তথা আসোঁৱাহৰ তথ্য পোহৰলৈ আহিছিল যোৱা ৩০ এপ্ৰিলত। বহু বিতৰ্কিত কোম্পানী ইউ পি ষ্টেট ব্ৰিজ কন্সট্ৰাকশ্যন কোম্পানীৰ পৰা চাপ কনটেকত কামৰ দায়িত্ব লাভ কৰিছিল বডিৰাই কোম্পানীয়ে । উল্লেখ যোগ্য যে এই কোম্পানীয়ে  মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ আৰম্ভণিতে লাগিল কেতবোৰ বিসংগতি।  ৮ আৰু ১১ নম্বৰ খুঁটাৰ পাইলিংৰ জইনিঙত বালি আৰু চিমেন্টৰ মিহলোৱা পৰিমাণ তাৰতম্য ৰখাৰ বাবে পকাবোৰ খালি হাতেৰে এৰুৱাই দিব পৰা হৈছিল । ৰডৰ যি চাটাৰিং তাৰ বহু পাৰ্থক্য বাকী খুঁটাসমূহত বৃহৎ বৃহৎ বহলকৈ ৰড গাঁঠি চাটাৰিং কৰাৰ উপৰিও দলংৰ খুঁটা ঢালাই কৰাৰ পিছত খুঁটা সমূহত বৃহৎ বৃহৎ ফাঁট দেখা গৈছিল ৷ নিৰ্মাণ কাৰী সংস্থা ইউ পি ষ্টেট ব্ৰীজ কন্সট্ৰাকশ্যন তথা বডিৰায় চমুকৈ বিআৰচি কোম্পানীৰ বিষয়াৰ চূড়ান্ত গাফিলতি তথা দায়িত্বহীনতাৰ পৰিচয় ওলাই পৰিছিল। বিভিন্ন দল-সংগঠন তথা মাজুলীৰ ৰাইজে প্ৰতিবাদ কৰাৰ পৰিপ্ৰেক্ষিতত মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম বন্ধ ৰাখি তদন্ত ঘোষণা কৰে। এই সময়ছোৱাত ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ কাৰ্যবাহী অভিযন্তা, অধীক্ষক অভিযন্তা, আয়ুক্ত সচিব তথা উচ্চ কাৰীকৰি বিশেষজ্ঞৰ দলে দলং নিৰ্মাণ থলীত উপস্থিত হৈ তদন্ত তথা পৰ্যবেক্ষণ কৰে। শেহতীয়াকৈ ভাৰত চৰকাৰৰ পথ পৰিবহন মন্ত্ৰনালয় পাঁচ নম্বৰ জ’নৰ মুখ্য কাৰ্যবাহী অভিযন্তা ইউ চি কাট্ৰাও আহি পৰ্যবেক্ষণ কৰাৰ পৰৱৰ্তী পৰ্যায়ত মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ প্ৰতিবেদন বিভাগীয় ভাৱে প্ৰকাশ কৰে যদিও ৰাজহুৱা নকৰিলে। এই বিষয়ত মাজুলীবাসী এতিয়ালৈকে জ্ঞাত হব পৰা নহ’ল। ফলত বহু প্ৰত্যাহিত এই দলঙৰ নিৰ্মাণ কি হ’ব এই লৈ বিবুধিত পৰিছে সাধাৰণ জনতা৷ মাজুলীবাসীৰ আশা-সকলো বিতৰ্ক অৱসান ঘটাই শীঘ্ৰে দলং নিৰ্মাণ কৰিব লাগে৷যোৱা ৩০ এপ্ৰিলৰ পৰা আগষ্ট লৈ তিনিমাহ কাল সময় অতিবাহিত হৈ যোৱাৰ পিছতো কোনো সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত নোহোৱাত দলং নিৰ্মাণৰ ভৱিষ্যকলৈ গভীৰ শংকাৰ মাজত দিন অতিবাহিত কৰিব লগা হৈছে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে নিৰ্মাণৰ শুভাৰম্ভ কৰা বহুচৰ্চিত মাজুলী-যোৰহাট সংযোগী দলংখৰ শিতানত পুঁজিৰ পৰিমাণ ৯২৫ কোটি টকা৷ ইয়াৰ দৈৰ্ঘ্য প্ৰায় আঠ কিলোমিটাৰ৷ বৰ্তমানলৈ দহটা খুটা নিৰ্মানৰ কাম আৰম্ভ হৈছিল৷ যিহেতু আধুনিক চিকিৎসা বিজ্ঞানৰ দ্ৰুত উন্নতিৰ পিচতো উপযুক্ত চিকিৎসাৰ অভাৱত মাজুলীৰ গৰ্ভৱতী মাতৃৰ চিঞৰত কেতিয়াবা কঁপি উঠে নদী পাৰ, জৰুৰীকালীন ১০৮ সেৱাও যাব নোৱাৰে কোনো ভিতৰুৱা গাঁৱলৈ । বছৰ বছৰ ধৰি স্বাস্থ্য আৰু উন্নত চিকিৎসাৰ ক্ষেত্ৰত আজিও উন্নয়নৰ মুখ নেদেখিলে মাজুলীবাসীয়ে৷ যোৱা পাঁচবছৰত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সলাব নোৱাৰিলে মাজুলীৰ পয়ালগা স্বাস্থ্য ব্যৱস্থাক৷ বহু চিকিৎসকে বিভিন্ন অজুহাত দেখুৱাই সেৱা কৰিবলৈ মাজুলীলৈ আহিব নিবিচাৰে৷ চিকিৎসক তথা বিভিন্ন উন্নত সা-সুবিধাৰ অভাৱত মাজুলীৰ বহু ৰোগীয়ে মাজুলীত ছটফটাই থাকি প্ৰাণ এৰিব লগা এক মৰ্মান্তিক ঘটনাৰ পৰিসমাপ্তিৰ স্বাৰ্থত লাগে বহু প্ৰত্যাশিত মাজুলী-যোৰহাট সংযোগী দলং৷ কিন্তু ইউ পি ষ্টেট ব্ৰীজ কনষ্ট্ৰাকশ্বন কোম্পানীয়ে চূড়ান্ত গাফিলতি তথা দায়িত্বহীনতাৰে অতি নিম্নমানেৰে কৰা দলংখনৰ নিৰ্মাণকাৰ্যই সকলোকে হতচকিত কৰি তুলিছে৷

Leave A Reply