ৰাজ্যত অব্যাহত থকা নিয়ন্ত্ৰণহীন আৰু আকাশলংঘী মূল্যবৃদ্ধিয়ে বৰ্তমান জুৰুলা কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক। চৰকাৰৰ যোগান বিভাগৰ চৰম ব্যৰ্থতাৰ বাবে বজাৰত জুই লাগিছে। এনে পৰিপ্ৰেক্ষিতত, পেট্ৰ’ল-ডিজেল, জীৱনদায়িনী ঔষধ আৰু দৈনিক ব্যৱহৃত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত আজি উত্তাল হৈ পৰে লিডুৰ আকাশ-বতাহ। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ (AJYCP)ৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আজি লিডুত এক তীব্ৰ “বিক্ষোভ কাৰ্যসূচী” ৰূপায়ণ কৰা হয়। আজি লিডুৰ ৰাজপথত সংগঠনটোৰ শতাধিক কৰ্মকৰ্তাই হাতে হাতে প্লেকাৰ্ড লৈ এক বিশাল প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে সমগ্ৰ লিডু অঞ্চল কঁপাই তোলে।
যোগান বিভাগৰ নিষ্ক্ৰিয়তা আৰু পুঁজিপতিৰ ওচৰত আঁঠু লোৱা নীতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে।প্ৰতিবাদস্থলীত উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপ-সভাপতি কাঞ্চন বড়াই চৰকাৰৰ গণবিৰোধী নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়:”বৰ্তমানৰ চৰকাৰখনে সাধাৰণ জনতাৰ দুখ-দুৰ্দশাৰ কথা অকণো চিন্তা কৰা নাই।
পেট্ৰ’ল-ডিজেলৰ দৰে ইন্ধনৰ পৰা আদি কৰি জীৱনৰ বাবে অপৰিহাৰ্য ঔষধ পৰ্যন্ত সকলোৰে দাম এতিয়া সৰ্বসাধাৰণৰ ক্ৰয় ক্ষমতাৰ বাহিৰলৈ গৈছে। যিখন চৰকাৰে সাধাৰণ ৰাইজৰ দুবেলা দুসাজ খোৱাৰ অধিকাৰ সুৰক্ষিত কৰিব নোৱাৰে, দিনক দিনে বাঢ়ি যোৱা মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেনে চৰকাৰ শাসনত থকাৰ কোনো অধিকাৰ নাই। এই চৰকাৰে অবিলম্বে পদত্যাগ কৰিব লাগে।” প্ৰতিবাদকাৰী সকলে হুংকাৰ দিয়ে যে যদিহে চৰকাৰে অতি শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি বজাৰ পৰিস্থিতি স্বাভাৱিক নকৰে, তেন্তে আগন্তুক দিনত ইয়াতকৈও অধিক জংগী আন্দোলন গঢ়ি তোলা হ’ব। বৰ্তমান বজাৰৰ এই অনিয়ন্ত্ৰিত পৰিস্থিতিৰ বাবে একপ্ৰকাৰ দিশহাৰা হৈ পৰা সৰ্বসাধাৰণ ৰাইজক সকাহ দিবলৈ চৰকাৰে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া অৱশ্যে লক্ষণীয় হ’ব।

