উপাৰ্জনৰ বাবে সুদূৰ বহিঃৰাজ্য হাইদৰাবাদলৈ গৈ ঘৰলৈ উভতি আহিল নিথৰ দেহ। মাৰ্ঘেৰিটাৰ ইনথেম অঞ্চলত এতিয়া কেৱল কান্দোনৰ ৰোল। হাইদৰাবাদত অকাল মৃত্যুক সাৱটি লোৱা স্থানীয় যুৱক মুকেশ সোনোৱালৰ নশ্বৰদেহ আজি গৃহভূমিলৈ আনি পোৱাৰ লগে লগেই সমগ্ৰ অঞ্চলটোতে এক মৰ্মান্তিক আৰু শোকাকুল পৰিৱেশে বিৰাজ কৰে।
কৰ্মস্থলীতে ঘটিল সেই ভয়ংকৰ দুৰ্ঘটনা। উল্লেখ্য যে, জীৱিকাৰ তাড়নাত অসমৰ পৰা হাইদৰাবাদলৈ যোৱা মুকেশ সোণোৱালে যোৱা মঙলবাৰে এক শোকাৱহ দুৰ্ঘটনাত পতিত হৈছিল। হাইদৰাবাদৰ এটা ৪ মহলীয়া নিৰ্মীয়মান অট্টালিকাৰ ওপৰৰ পৰা পিছলি পৰি মৃত্যুমুখত পৰিছিল যুৱকজন।
চৰকাৰৰ উদ্যোগত উভতি আহিল নশ্বৰদেহ অসম চৰকাৰৰ ‘শ্ৰদ্ধাঞ্জলি’ আঁচনিৰ অধীনত আজি মুকেশৰ নশ্বৰদেহ জন্ম স্থলীত আনি পোৱাৰ ব্যৱস্থা কৰা হয়। নিথৰ দেহটো ঘৰৰ চোতালত আহি পৰাৰ লগে লগে পৰিয়ালৰ লোকৰ লগতে আত্মীয়-স্বজনৰ কান্দোনে উপস্থিত থকা প্ৰতিজনৰে চকু সেমেকাই তোলে। আজি ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে যুৱকজনৰ শেষকৃত্য সম্পন্ন কৰা হয়।
ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল মুকেশ। তেওঁৰ এই আকস্মিক বিদায়ত এতিয়া দুৰ্ভগীয়া পৰিয়ালটোৰ মূৰত যেন আকাশ ভাঙি পৰিছে। দিশহাৰা হৈ পৰিছে পত্নী আৰু দুই শিশু সন্তান। সৎকাৰ স্থলীতে উপস্থিত থাকি স্থানীয় ৰাইজে চৰকাৰ তথা হৃদয়বান লোকসকলক এই অসহায় পৰিয়ালটোক ভৰণ-পোষণৰ দায়িত্ব ল’বলৈ কাতৰ আহ্বান জনায়।
বিশেষকৈ মুকেশৰ অনাথ হৈ পৰা কণমানি পুত্ৰ আৰু কন্যাৰ পঢ়া-শুনাৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে ৰাইজে।
ইফালে, এনে এক কঠিন সময়ত মুকেশৰ নশ্বৰদেহ সুদূৰ হাইদৰাবাদৰ পৰা অসমলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত তৎপৰতাৰে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰিছে শোকাকুল পৰিয়াল তথা স্থানীয় ৰাইজে।

