মুকালমুৱাৰ ঘোগাত ভয়াবহ পথ দুৰ্ঘটনাঃ সংকটজনক অৱস্থাত আহতক GMCHলৈ প্ৰেৰণ

মুকালমুৱাৰ হাজো-দৌলাশাল ঘাইপথৰ ঘোগা বদনিত আজি পুৱা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। মৎস্য কঢ়িয়াই নিয়া এখন চাৰিচকীয়া বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰাৰ ফলত বাহনখনত থকা ১২ জনকৈ মৎস্য ব্যৱসায়ী লোক গুৰুতৰভাৱে আহত হয়।


প্ৰাপ্ত তথ্য অনুসৰি, মুকালমুৱাৰ বৰলিয়াপাৰৰ পৰা মাছ ব্যৱসায়ীসকলে AS-25FC-8483 নম্বৰৰ এখন চাৰিচকীয়া বাহনত মাছ লৈ গুৱাহাটীলৈ গৈ আছিল। হঠাৎ পথৰ মাজতে বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। দুৰ্ঘটনাটোৰ ফলত অঞ্চলটোৰ ৰাজপথত মাছ আৰু তেজৰ চেঁকুৰাৰে এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হয়।

স্থানীয় ৰাইজে ততাতৈয়াকৈ আহতসকলক উদ্ধাৰ কৰি মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও অৱস্থা অতি সংকটজনক হৈ থকাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। আহত ১২ গৰাকী লোকৰ যন্ত্ৰণাকাতৰ চিৎকাৰ আৰু পৰিয়ালৰ লোকৰ কান্দোনে চিকিৎসালয়খনৰ চৌহদত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে। ইফালে, চিকিৎসালয়খনত চিকিৎসকৰ বাবে ইমান বৃহৎ সংখ্যক আহতক চিকিৎসা প্ৰদান কৰাত ব্যাপক অসুবিধাৰ সৃষ্টি হয়।

কেইবাজনৰো অৱস্থা অতি সংকটজনক হোৱাত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাটোত আহত ১২ গৰাকী মৎস্য ব্যৱসায়ী ক্ৰমে— ফুলমিয়া আলী, চামচুল হক, মনোৱাৰ হুছেইন, বিনোদ আলী, পয়গম আলী, মাৰফট আলী, সোনাবৰ আলী, আজমত আলী, ময়নাল আলী, আমিৰ আলী, বাহৰুল ইছলাম আৰু চহিদুল আলী বুলি চিনাক্ত কৰা হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সূচনা কৰিছে।

Related Articles