মুখ্যমন্ত্ৰীৰ সপোন দেখা গৌৰৱৰ ওপৰত আস্থা নাই হাইকমাণ্ডৰ

ইতিমধ্যে পূৰ্ববংগীয় মূলৰ মুছলমানৰ দললৈ পৰিণত হোৱা অসমৰ কংগ্ৰেছ দলটো এতিয়া আভ্যন্তৰীণ সংঘাতত জৰ্জড়িত৷ এক ডুৱন্ত নাৱলৈ পৰ্যবসিত হোৱা গৌৰৱ গগৈৰ কংগ্ৰেছে এতিয়া জনতাৰ কাষত থকাটো দূৰৰে কথা নিজৰ কংগ্ৰেছ কৰ্মীৰ পৰাই দূৰত্বত অৱস্থান কৰিবলগীয়া হৈছে৷ এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মানস শৰণীয়াৰ৷ অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰিত এক বিবৃতিযোগে ৰাজ্যিক মুখপাত্ৰ শৰণীয়াই কংগ্ৰেছ দলটোক তীব্ৰ সমালোচনা কৰি কয় যে ৰাজ্যৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ পৰা বহুযোজন দূৰলৈ আঁতৰি যোৱা অসমৰ কংগ্ৰেছ দলৰ নেতৃত্বই এতিয়া সাধাৰণ জনতাৰ চিন্তাৰ কোনো উমান নাপায়৷

দলটোৰ নেতৃত্বৰ মাজত চলা অৰিয়াঅৰি, নেতৃত্বত আহিবলৈ ক্ষমতাকেন্দ্ৰিক কন্দল, খোৱা-কামোৰাত নিমজ্জিত দলটোৱে এতিয়া অসমৰ সমাজ জীৱনৰ সৈতে গণবিচ্ছিন্ন হৈ পৰিছে৷ দলৰ আভ্যন্তৰীণ সংঘাত নিৰাময় কৰিবলৈ দলীয় হাইকমাণ্ডে প্ৰতিনিধি পঠিয়াবলগীয়া পৰিস্থিতিয়ে প্ৰমাণ কৰিছে অসম কংগ্ৰেছৰ ভিতৰচ’ৰাত চলা অৰাজকতা আৰু বিশৃংখলতা ৷ মুখপাত্ৰ শৰণীয়াই পুনৰ কয় যে বিগত বিধানসভাৰ নিৰ্বাচনত ক্ষমতা দখলৰ সপোন দেখা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ওপৰত আজি দলৰ হাইকমাণ্ডো নাৰাজ৷

আলগাপুৰ-কাটলিছেৰা সমষ্টিৰ বিধায়ক তথা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমৰ সৈতে হোৱা সংঘাত নিৰাময় কৰিবলৈ কেন্দ্ৰীয় নেতৃত্বই প্ৰতিনিধি পঠাই তাৰেই যেন ইংগিত দিছে ৷ মহাত্মা গান্ধীৰ আদৰ্শক জলাঞ্জলি দি এক নেতিবাচক আৰু বিশৃংখল দৃষ্টিভংগীৰে পৰিচালিত অসম কংগ্ৰেছ এতিয়া আইচিইউত কক্‌বকাই থাকিবলগীয়া হৈছে বুলিও বিজেপিৰ ৰাজ্যিক মুখপাত্ৰজনে দলটোৰ প্ৰতি কটূক্তি কৰে৷

Related Articles