ৰাজ্যৰ শেহতীয়া বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়াৰ্থে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১,৯৭,০০০ টকাৰ বৰঙণি আগবঢ়ালে বড়িগোগ-বনভাগ প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী আৰু শিক্ষাখণ্ডটোৰ বিষয়া-কৰ্মচাৰীসকলে।
শিক্ষাখণ্ডটোৰ অন্তৰ্গত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষক-কৰ্মচাৰী লগতে শিক্ষাখণ্ডটোত কৰ্মৰত বিষয়া-কৰ্মচাৰীসকলে স্বেচ্ছাই আগবঢ়োৱা ধনৰাশি শিক্ষা বিষয়া সমীন বৈশ্যৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে যোৱা কালি নিশা মুখ্যমন্ত্ৰীৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে।এই উপলক্ষে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা প্ৰতিনিধি দলটোত নলবাৰী জিলা মজলীয়া শিক্ষক সংস্থাৰ উপ-সভাপতি চক্ৰেশ্বৰ কলিতা, মধ্য ইংৰাজী শিক্ষক সংস্থাৰ কালিচৰণ হালৈ, প্ৰাথমিক শিক্ষক সন্মিলনীৰ সুনীল বড়ো, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী তথা ব্লক এম আই এছ কোঅৰ্ডিনেটৰ সুশান্তমল্ল বৰুৱা আদি উপস্থিত থাকে।

