মেগা নৰ্থ ইষ্ট গট টেলেন্টত উজলিল দৌলাশালৰ কশিলয় বৈশ্য

মিডিয়া প্ৰডাকচন হাউচে অলপতে গুৱাহাটীৰ জাপৰিগোগত অনুষ্ঠিত কৰা মেগা নৰ্থ ইষ্ট গট টেলেন্টত উজলি উঠিছে নলবাৰী জিলাৰ দৌলাশাল গাঁৱৰ কশিলয় বৈশ্য৷ জুবিন গাৰ্গৰ গীতৰ আধাৰত অনুষ্ঠিত কৰা সংগীত প্ৰতিযোগিতাত কশিলয় বৈশ্যই অংশগ্ৰহণ কৰি স্থান লাভ কৰিছে৷

জাপৰিগোগৰ মিচিং মুৰঙ অকাম অডিটৰিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাত কশিলয় বৈশ্যই জুবিন গাৰ্গৰ “গান এটি গোৱা না” শীৰ্ষক গীতটি পৰিৱেশন কৰি প্ৰতিযোগিতাৰ “গ্ৰুপ চি”ৰ পৰা দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ দৌলাশাল গাঁৱৰ সমাজকৰ্মী ৰবেন বৈশ্য আৰু প্ৰভা দাস বৈশ্যৰ পুত্ৰ কশিলয় বৈশ্যই মেগা নৰ্থ ইষ্ট গট টেলেন্টত অংশগ্ৰহণ কৰি দৌলাশাল গাঁৱলৈ সুনাম কঢ়িয়াই আনিছে৷

উল্লেখ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ZG মিডিয়া প্ৰডাকচন হাউচৰ অডিচনত কশিলয় বৈশ্যই অংশগ্ৰহণ কৰি প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জনৰ সুযোগ লাভ কৰিছিল৷ দৌলাশাল হাইস্কুলৰ ছাত্ৰ কশিলয় বৈশ্যই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল৷ কশিলয় বৈশ্যৰ এই সফলতাক লৈ গাঁওখনত এতিয়া চৰ্চা চলিছে৷

Related Articles