Breaking

মৰিগাঁৱত নিৰ্বাচনৰ যোগ বিয়োগৰ চৰ্চাৰ মাজতে বিভিন্ন মহলত বিশেষ ভাৱে চৰ্চিত হৈছে জিলা খনৰ উপায়ুক্ত দেৱাশীষ শৰ্মা…

0 34

নগাঁও লোক সভাৰ নিৰ্বাচন সম্পন্ন হৈ যোৱাৰ পাছত সম্প্ৰতি লোকসভা আসন খনৰ ফলাফলক লৈ বিভিন্ন দলীয় কৰ্মী সকল যোগ বিয়োগত ব্যস্ত হৈ পৰিছে। দলীয় কাৰ্যালয় সমূহৰ ওপৰিও আনকি চাৰিআলি, হুটেলৰ চাহৰ আদ্দাৰ মাজতো প্ৰাধান্য লাভ কৰিছে নিৰ্বাচনৰ সাম্ভাব্য ফলাফলে। সকলোৱে আত্ম পক্ষ সমৰ্থন কৰি কোন কিয় জিকিব বা হাৰিব তাৰ যোগ বিয়োগ কৰি মন্তব্য আগবঢ়াই পৰিবেশ গৰম কৰি তুলিছে। দুই একে জিকা হাৰাৰ বাজি মাৰি আনকি জুৱাত অৱতীৰ্ণ হোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে লাহৰীঘাট মৈৰাবাৰী আদি অঞ্চলত।তাৰ মাজতে নিৰ্বাচনৰ পাছতে মৰিগাঁও জিলাত নিৰ্বাচনৰ দায়িত্ব পালন কৰা পুলিং আৰু প্ৰিজাইডিং অফিচাৰ সকলকে প্ৰমোখ্য কৰি বিভিন্ন নিৰ্বাচন কেন্দ্ৰত নিৰাপত্তাৰ পৰা বিভিন্ন দায়িত্ব পালন কৰা লোক সকলৰ মাজত বিশেষ ভাৱে চৰ্চিত হৈ পৰিছে মৰিগাঁও জিলা উপায়ুক্ত গৰাকীৰ নাম। কিয়নো এই বিষয়া কৰ্মচাৰী সকলে বিভিন্ন ভোট কেন্দ্ৰলৈ যাত্ৰা কৰাৰ পৰা আৰম্ভ কৰি উভতি অহা পৰ্যন্ত কোনো ধৰণৰ যাতে কষ্ট নাপাই তাৰ বাবে মৰিগাঁও জিলা উপায়ুক্ত গৰাকীৰ নেতৃত্বত মৰিগাঁও জিলা জনসংযোগ বিভাগে বিশেষ সতৰ্ক অৱলম্বন কৰে।

উল্লেখ্য যে মৰিগাঁও জিলাত প্ৰাক-নিৰ্বাচনী কাম কাজত জড়ীত লোক সকলক নিম্ন মানৰ খাদ্য প্ৰদান কৰা বুলি এক অভিযোগ উত্থাপন হৈছিল। এনে অভিযোগ উত্থাপন হোৱা মাত্ৰকে জিলা উপায়ুক্ত গৰাকীয়ে নিজেই প্ৰাক-নিৰ্বাচনী কাম-কাজৰ দায়িত্বত থকা লোক সকলৰ সৈতে একেলগে খাদ্য গ্ৰহণ কৰি বিষয় টো গুৰুত্ব সহকাৰে পৰ্যবেক্ষন কৰি কোনো কাৰণত যাতে প্ৰাক নিৰ্বাচনী কাম কাজৰ দায়িত্ব পালন কৰা লোক সকলক নিম্ন মানদণ্ডৰ খাদ্য প্ৰধান কৰা নহয় তাৰ বাবে ঠিকা লাভ কৰা প্ৰতিষ্ঠানক কঠোৰ সকিয়নী দিয়ে। সমান্তৰালকৈ জিলা জনসংযোগ বিভাগেও বিষয় টোত তীক্ষ্ণ দৃষ্টি ৰাখে। তেতিয়াৰ পৰা ধাৰাবাহিক ভাৱে নিৰ্বাচনৰ কাম-কাজত জড়ীত লোক সকলে যাতে কোনো কিষেত্ৰত অসুবিধা নাপায় তাৰ ওপৰত কঠোৰ দৃষ্টি ৰাখে জিলা প্ৰশাসনে। আনকি ২৪ এপ্ৰিলৰ পৰা উপায়ুক্ত গৰাকীয়ে বিভিন্ন প্ৰান্তৰ পৰা অহা পুলিং আৰু প্ৰিজাইডিং অফিচাৰ সকলৰ লগতে নিৰাপত্তাৰ দায়িত্বত বিভিন্ন ভোট কেন্দ্ৰলৈ ৰাওনা হোৱা লোক সকলে ই ভি এম গ্ৰহণ কৰা প্ৰক্ৰিয়াৰ পৰা খাদ্য গ্ৰহণ কৰি ৰাওনা হোৱালৈ সকলো দিশ পৰ্যবেক্ষণ কৰে কৰে উপায়ুক্ত গৰাকীয়ে। পূৰ্বে হৈ যোৱা বিভিন্ন নিৰ্বাচনত প্ৰায়ে পুলিং আৰু প্ৰিজাইডিং অফিচাৰ সকলৰ লগতে নিৰাপত্তাৰ দায়িত্বত যোৱা লোক সকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱাৰ পৰিবৰ্তে এইবাৰ অতি নিয়াৰিকৈ জিলা খনত পুলিং প্ৰিজাইডিং অফিচাৰ সকলক বিভিন্ন কেন্দ্ৰলৈ সকলো ধৰণৰ সুবিধা প্ৰদান কৰি জিলা প্ৰশাসনে প্ৰেৰণ কৰিবলৈ সক্ষম হয়। তদুপৰি ভোট গ্ৰহণৰ পাছতো ষ্ট্ৰং ৰূমলৈ ঘুৰি অহা পুলিং প্ৰিজাইডিং অফিচাৰ সকলৰ লগতে বিভিন্ন ভোট কেন্দ্ৰৰ পৰা দায়িত্ব পালন কৰি ঘুৰি অহা অন্যান্য বিষয়া তথা নিৰাপত্তা ৰক্ষী সকলক মৰিগাঁও জিলাৰ ডায়েট ( DIET) ত সাজু কৰা সু-সৰ্জিত মঞ্চৰ সন্মুখত উপায়ুক্ত গৰাকীৰ নেতৃত্বত মৰিগাঁও জিলা জনসংযোগ বিভাগে অভিবাদন জনাই। ভোট কেন্দ্ৰত ভোট গ্ৰহণ কৰি ই ভি এম লৈ প্ৰথমে প্ৰবেশ কৰা পুলিং আৰু প্ৰিজাইডিং অফিচাৰৰ দল টোক গামোছাৰে আনুষ্ঠানিক ভাৱে অভিনন্দন জ্ঞাপন কৰে উপায়ুক্ত দেৱাশীষ শৰ্মাই। তদুপৰি দিনটো অতি কষ্টৰে মানসিক চাপ লৈ ভোট কেন্দ্ৰ সমূহত দায়িত্ব পালন কৰি ঘুৰি অহা কৰ্মচাৰী সকলৰ মানসিক প্ৰশান্তিৰ বাবে মৰিগাঁও জিলা ডায়েট ( DIET) প্ৰাঙ্গনত সু-সৰ্জিতঢ মঞ্চত এখনি সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰে।

তদুপৰি দায়িত্ব পালন কৰি অহা প্ৰতিগৰাকী বিষয়া, নিৰাপত্তাৰক্ষীক সুস্বাদু ব্যঞ্জনেৰে তৃপ্তিৰ এসাঁজ যোগান ধৰে জিলা প্ৰশাসনে। জিলা উপায়ুক্ত গৰাকীৰ নেতৃত্বত মৰিগাঁও জিলা জনসংযোগ বিভাগেও প্ৰতিজন লোকক আপ্যায়ন কৰাত পূৰ্ণ সহযোগ কৰে। সাধাৰণতে যিকোনো এটা নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছতে পুলিং – প্ৰিজাইডিং অফিচাৰ সকলে ভোট কেন্দ্ৰৰ পৰা ঘুৰি অহাৰ পাছত ই ভি এম জমা দিয়ালৈকে সাধাৰণতে সন্মুখিন হোৱা তিতা কেহা অভিজ্ঞতাৰ কথা চৰ্চা কৰা পৰিলক্ষিত হয়। তাৰ পৰিবৰ্তে মৰিগাঁও জিলাত নিৰ্বাচনৰ পাছত পুলিং প্ৰিজাইডিং আৰু আন আন দায়িত্ব পালন কৰা লোক সকলৰ মাজত এইবাৰ চৰ্চা হৈছে মৰিগাঁও জিলাৰ নিৰ্বাচন পক্ৰীয়া টো সু-পৰিকল্পিত ভাৱে পৰিচালনা কৰা মৰিগাঁও জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাৰ সফলতাৰ কথা। প্ৰতিজন জিলা উপায়ুক্তই দেৱাশীষ শৰ্মাৰ পদাংকন অনুকৰণ কৰিলে নিশ্চিত ভাৱে প্ৰতিখন জিলাতে প্ৰতিটো নিৰ্বাচন সু – পৰিকল্পিত ভাৱে যে সম্পন্ন হব তাত কোনো সন্দেহৰ অৱকাশ নাই।

Leave A Reply