নকছাৰি ৰে’ল ষ্টেচনৰ সমীপত ৰেলৰ খুন্দা নিহত ৰজাবাৰী গাঁৱৰ বচন মাঝি নামৰ এজন লোক। জানিব পৰা মতে আজি পুৱাই কামলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল তেওঁ।
নিতৌ ৰেলেৰে নামটি লৈ কাম কৰিবলৈ যায় পতি পত্নী দুয়ো। আজিও লৰা লৰিকৈ ৰেল ধৰিবলৈ ৰেলৰ চিৰিৰ মাজেৰে খৰ খেদাকৈ গৈছিল ব্যক্তি জন। পুৱা ৬.৩৯ বজাত উজনি মুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত থিতাতে মৃত্যু হয় ব্যক্তি জন।
নকছাৰি ৰেল ষ্টেচনৰ পৰা দুশ মিটাৰ মান দূৰত সংঘটিত হৈছে এই ঘটনাটো। ইতিমধ্যে মৰিয়নি ৰেল আৰক্ষী উপস্হিত হৈছে।

