যুৱ-প্ৰজন্মক তিনি বিহুৰ পৰম্পৰা আৰু বৈশিষ্টৰে পৰিচয় কৰাই দিয়াৰ প্ৰয়াস। বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ত বসন্ত বৈভৱ, ২০২৬ শীৰ্ষক কাৰ্যসূচী পালন।
বৰপেটা জিলাৰ অন্তৰ্গত নগাওঁস্থিত “বাউসী বাণীকান্ত মহাবিদ্যালয়”প্রাঙ্গণত আজি ১৪ মে’ বৃহস্পতিবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে “বসন্ত বৈভৱ” শীৰ্ষক এক ব্যতিক্ৰমধৰ্মী কাৰ্যসূচী পালন কৰা হয়। যুৱ-প্ৰজন্মক তিনি বিহুৰ পৰম্পৰা আৰু বৈশিষ্টৰে পৰিচয় কৰাই দিয়াৰ প্ৰয়াসেৰে বিশেষকৈ মহাবিদ্যালয়খনত অধ্যয়নৰত চৰ-চাপৰিৰ ছাত্ৰ-ছাত্ৰীক তিনি বিহুৰ পৰম্পৰা আৰু বৈশিষ্টৰ আভাস দিয়াৰ প্ৰয়াসেৰে প্ৰতিবছৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হয় বুলি জনাইছে বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়, নগাওঁৰ অধ্যক্ষ ড° বিৰিঞ্চি চৌধুৰীয়ে।
অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ হাতেৰে পিঠা পনা প্ৰস্তুত কৰাৰ উপৰিও মহাবিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে মিলি বিভিন্ন ধৰণৰ পৰম্পৰাগত লোকনৃত্য প্ৰদৰ্শন কৰে। বিশেষকৈ নৱ-প্ৰজন্মক তিনি বিহুৰ পৰম্পৰা আৰু বৈশিষ্টৰ সৈতে পৰিচয় কৰাই দিয়াই “বিহু বৈভৱ” শীৰ্ষক এই কাৰ্যসূচীৰ মূল উদ্দেশ্যে।

