Breaking

লকডাউনৰ মাজতে নগাঁৱত গুটখাৰ ৰমৰমীয়া বেহা : আটক ১

0 37

ৱেব ডেক্স, নগাঁও
লকডাউনৰ মাজতেই নগাঁৱত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ গুটখা, পান মচলা। নগাঁও আৰক্ষীৰ শনিবাৰে সন্ধিয়া অভিযান চলাই জব্দ কৰে গুটখা। উল্লেখযোগ্য যে লকডাউনৰ মাজতেই নগাঁৱত একাংশ অসাধু ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে গুটখাৰ ৰমৰমীয়া বেহা। নগাঁও আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে এই তথ্য। নগাঁৱৰ ইটাচালী আৰক্ষীয়ে শনিবাৰে চহৰখনৰ নতুন বজাৰত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গুটখা। প্ৰশাসনৰ চকুত ধুলি দি এই ব্যৱসায় চলাই যোৱা সম্পৰ্কত তাপস দাস নামৰ এজন ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰে।

Leave A Reply