Breaking

লাহৰীঘাটত কোৱাৰেণ্টাইনৰ পৰা স্বগৃহলৈ বিদায় ১৫ ব্যক্তি

0 124

খাইৰুল ইছলাম, ভূৰাগাঁও মৰিগাঁৱৰ লাহৰীঘাটত এমাহ এদিনৰ অন্তত শুকুৰবাৰে আনুষ্ঠানিকভাৱে কোৱাৰেণ্টাইন গৃহৰ পৰা স্বগৃহলৈ বিদায় দিলে ১৫ গৰাকীকৈ ব্যক্তিক। উল্লেখ্য যে জিলাখনৰ জাগীৰোডৰ ১২ গৰাকী, লাহৰীঘাটৰ ২ গৰাকী আৰু মৈৰাবাৰীৰ বহলামুখৰ ১ গৰাকী আছিল। নিজামউদ্দিনৰে সম্পৰ্কিত ২০ গৰাকী ব্যক্তি লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ কোৱাৰেণ্টাইন গৃহত ৩১ মাৰ্চ আৰু ১ এপ্ৰিলৰ পৰা আছিল। ইয়াৰে ৫ গৰাকী ক’ভিড ১৯ পজিটিভ চিনাক্ত হোৱাত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যায়।ইফালে চিকিৎসালয়খনৰ কোৱাৰেণ্টাইনত থকা আন ১৫ গৰাকী ব্যক্তিৰ নমুনা পৰীক্ষাৰ অন্তত নিগেটিভ ওলোৱাত শনিবাৰে আটাইকেইগৰাকী লোককে জিলা স্বাস্থ্য বিভাগে একোখন গামোচাৰে আদৰণি জনাই একোটাকৈ ফল-মূলৰ টোপোলা দি ১০৮ মৃত্যুঞ্জয় সেৱাৰে নিজ নিজ গৃহলৈ লৈ যায়।

Leave A Reply