অসমৰ জাতীয় জীৱনৰ দুটি প্ৰধান তথা বৃহৎ অনুষ্ঠান অসম সাহিত্য সভা আৰু শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ এক উচ্চস্তৰীয় সভা অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত ভাগৱতী প্ৰসাদ বৰুৱা ভৱনৰ ড° মহেন্দ্ৰ নাথ বৰা সোঁৱৰণী সভাকক্ষত আজি অনুষ্ঠিত হৈ যায়৷ সভাত গুৰুজনাৰ মৌলিক ৰচনাৰাজিৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰভাষা হিন্দী, ইংৰাজীৰ উপৰি সকলো আঞ্চলিক ভাষালৈ অনুবাদ কৰিহে যে প্ৰতিষ্ঠা কৰিব পৰা যাব, সেইলৈ বিস্তৃতভাৱে আলোচনা কৰা হয়৷ সভাত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ তথা শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভৱেন্দ্ৰ নাথ ডেকাই কয় যে অসমৰ যিকোনো এখন ঠাইৰ জকাইচুকত থাকিও যদি ছেক্সপিয়েৰ, গুৰুনানক, বুদ্ধদেৱ আদিৰ কথা জানিব পাৰিছোঁ, তেন্তে অসমৰ মহাপুৰুষসকল, বিশেষকৈ শংকৰদেৱ বা মাধৱদেৱ আদিৰ বিষয়ে দেশৰ অন্য প্ৰান্তৰ লোকে নজনাৰ একমাত্ৰ কাৰণ হ’ল আমাৰ অৱহেলা তথা অদূৰদৰ্শিতা।
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা কাৰ্যকালত দিল্লী, পাঞ্জাব আৰু বিশ্বভাৰতী শান্তি নিকেতনত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নামত আসন দি গুৰুজনাৰ সৃষ্টিৰাজিৰ বিশ্বসভাত স্থান দিয়াৰ ক্ষেত্ৰত পদক্ষেপ লোৱা কথাও তেখেতে উল্লেখ কৰে । আৰু দুখন বিশ্ববিদ্যালয়তো অচিৰেই তেনে ব্যৱস্থা কৰিব বুলিও আজিৰ সভাত জানিব দিয়ে পদাধিকাৰ ডেকাই ৷ আজি দুয়োটা সংগঠন লগ হোৱাতো এক যুগান্তৰকাৰী পদক্ষেপ বুলি কৈ অসম সাহিত্য সভাৰ নেতৃত্বৰ শলাগ লয় পদাধিকাৰ গৰাকীয়ে ৷ সভাত সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে আগন্তুক সময়ছোৱাত দুয়োটা সংগঠন লগ লাগি সমন্বয়ৰ যাত্ৰা কৰাৰ কথা উল্লেখ কৰে ৷ আৰম্ভণি হিচাবে আগন্তুক ৰাভা দিৱসৰ কাৰ্যসূচী দুয়োটা সংগঠনে যৌথভাৱে কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ৷
পৰৱৰ্তীকালত কিছু হ্ৰস্বম্যাদী আঁচনিৰ জৰিয়তে জাতীয় জীৱনৰ সেৱা কাৰ কথাও উল্লেখ কৰে সভাপতি গোস্বামীয়ে৷ অসম সাহিত্য সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰাই উদ্দেশ্য ব্যাখ্যাৰ প্ৰসংগত কয় —”অসমৰ জাতীয় জীৱনৰ শক্তিশালী অৱস্থানৰ বাবে আমি সকলোৱেই একত্ৰিত হ’ব লাগিব ৷ অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই যদি একে লগে সাহিত্য, সংস্কৃতিৰ উত্তৰণৰ বাবে একেলগে কাম কৰিব পাৰে তেন্তে জাতি গঠন প্ৰক্ৰিয়া এনেয়েই শক্তিশালী হৈ পৰিব ৷ “ উক্ত সভাত শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই নিজৰ বক্তব্যত দুয়োটা সংগঠনৰ নেতৃত্ব সলনি হ’লেও যাতে পৰৱৰ্তী নেতৃত্বই বৰ্তমান দুয়োটা সংগঠনে লোৱা সিদ্ধান্ত আৰু কৰ্মৰাজী ভৱিষ্যতেও আগবঢ়াই নিয়ে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷
সভাত সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাইয়ো বক্তব্য ৰাখে ৷ বৈঠকখনত অসম সাহিত্য সভাৰ স্থায়ী বিত্তীয় নিধিৰ আহ্বায়ক গোবিন্দ কলিতা, গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ড° সঞ্জীৱকুমাৰ শৰ্মা, প্ৰাক্তন কোষাধ্যক্ষ মিহিৰ কুমাৰ বৰুৱা, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন, সম্পাদক অৰুণ মহন্ত, লোক পৰিবেশ্য কলা সংৰক্ষণ আৰু সম্বৰ্দ্ধন উপ সমিতিৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইন, মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ প্ৰাক্তন আহ্বায়ক তথা কামৰূপ জিলা সাহিত্য সভাৰ যুৱ সংসদৰ আহ্বায়ক হেমন্ত কলিতা আৰু অসম সাহিত্য সভাৰ আগন্তুক দুলীয়াজান অধিৱেশনৰ কাৰ্যকৰী সভাপতি আদিত্য গোস্বামীকে ধৰি বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে ৷

