Breaking

শিৱসাগৰত সাংবাদিকৰ মাজত মাস্ক, ছেনিটাইজাৰ বিতৰণ মন্ত্ৰী যোগেন মহনৰ

0 122

আব্দুল মুস্তাক, আছিফ আলী, শিৱসাগৰশিৱসাগৰত কৰ্তব্যৰত সাংবাদিকসকলৰ মাজত মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰে অসমৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে৷ শুকুৰবাৰে সন্ধিয়া শিৱসাগৰৰ আৱৰ্ত ভৱনত মন্ত্ৰীজনে এই কাৰ্যসূচী গ্ৰহণ কৰে৷ আনহাতে, মন্ত্ৰী যোগেন মহনে সাংবাদিকৰে সৈতে এক আলোচনাত মিলিত হয় আৰু ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ল’বলগীয়া বিভিন্ন কাৰ্যব্যৱস্থা আৰু ল’কডাউনৰ নীতি-নিৰ্দেশনাৰ সম্পৰ্কত মত বিনিময় কৰে। অনুষ্ঠানত শিৱসাগৰৰ বহু সাংবাদিক উপস্থিত থাকি মন্ত্ৰীজনৰ পৰা মাস্ক আৰু ছেনিটাইজাৰ গ্ৰহণ কৰে। “ক’ৰ’ণাৰ আতংকৰ সময়ত সাংবাদিকসকলে জাগ্ৰত প্ৰহৰী হিচাপে সততাৰে, নিষ্ঠাৰে নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি ৰাজপথলৈ ওলাই আহিছে৷ তেখেতসকলক সাহস দিয়াৰ বাবে আজি মই শিৱসাগৰৰ সাংবাদিকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সুৰক্ষাৰ বাবে একোখন মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰো”৷ মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কাৰ্যসূচীৰ অন্তত মন্ত্ৰী যোগেন মহনে কয়, আৰক্ষী আৰু স্বাস্থ্যকৰ্মীসকলে যি দৰে এই দূৰ্যোগৰ সময়ত দিনে নিশাই কাম কৰি আছে ঠিক সেইদৰে সাংবাদিকসকলেও ৰাইজৰ বাবে সেৱা আগবঢ়াই আছে। সাংবাদিকসকলক মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰি অত্যন্ত সুখ অনুভৱ কৰাৰ বিষয়ে মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে।

Leave A Reply