শিৱসাগৰত ৰেইনড্ৰপছ ইনাইটিভৰ প্ৰশংসনীয় পদক্ষেপ: বান সাহাৰ্য, শ্ৰমদান আদিৰ পিছত শিশু গ্ৰন্থাগাৰ স্থাপন

নিস্বাৰ্থ সমাজসেৱাৰ অতুলনীয় নিৰ্দশনেৰে বিগত বহু বছৰৰ পৰা নিৰবিচ্ছিন্ন ভাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰাংগনত ৰাইজক অন্নদান কৰি থকাৰ লগতে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে সমগ্ৰ অসমতে বৃক্ষৰোপণকে ধৰি আন বহু সমাজকল্যাণ মূলক কামত ব্ৰতী গুৱাহাটীৰ আবিদ আজাদৰ নেতৃত্বাধীন স্বেচ্ছাসেৱী অনুষ্ঠান “ ৰেইনড্ৰ’পছ ইনাইটিভ”ৰ কৰ্মকৰ্তা সকল শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান দুৰ্গত লোকক সহায় কৰিবলৈ আহি ইতিপূৰ্বে নাজিৰাৰ বিভিন্ন বান বিধ্বস্ত অঞ্চলৰ ৰাইজক প্ৰাৰম্ভিক পৰ্যায়ত অন্নদান কৰাৰ পিছত জাতীয় বিদ্যালয়ে ধৰি আন কিছু স্থানত শ্ৰমদান আৰু বস্ত্ৰ দান কৰাৰ পৰৱৰ্তী পৰ্যায়ত এই বানাক্ৰান্ত অঞ্চলৰ শিশুৰ মানসিক বিকাশৰ বাবে গাঁৱে-ভূঞে এক মুকলি শিশু গ্ৰন্থাগাৰ স্থাপনৰ এক মহৎ পদক্ষেপ গ্ৰহণ কৰিছে৷


শিশুৰ কল্পনাক আকাশত ৰং দিয়া অমৰ শিল্পী জুবিন গাৰ্গৰ ‘পাখি’ নামৰ গানটোৰ নামেৰে শিশুৰ কল্যাণাৰ্থে ৰেইনড্ৰ’পছ ইনাইটিভে গ্ৰহণ কৰা এই ‘পাখি প্ৰকল্প’ৰ অধীনত উজনিৰ বানাক্ৰান্ত অঞ্চলৰ কমেও ১০০খন গাঁৱত ১০০টা শিশু পুথিভঁৰাল গঢ়ি তোলাৰ সপোন লৈ আগবাঢ়িছে অনুষ্ঠানটোৰ কৰ্মকৰ্তা সকল৷প্ৰলয়ংকৰী বানে ধোৱা শিৱসাগৰ জিলাৰ নাজিৰাৰ সন্দিকৈ চেতিয়া গাঁৱত যোৱা ১৫ আগষ্টত প্ৰথমটো শিশু পুথিভঁৰাল স্থাপন কৰাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে — গড়গাঁও চাৰিআলি আৰু বকতা নেমুগুৰি মলীয়া গাঁও আৰু নাজিৰা নগৰতো একোটাকৈ শিশু গ্ৰন্থাগাৰ স্থাপন কৰে৷

ৰেইনড্ৰ’পছ ইনাইটিভে “আমাক কিতাপ লাগে” বুলি জনোৱা ৰাজহুৱা আহ্বানত সঁহাৰি জনাই বিভিন্ন শুভাকাংক্ষী আৰু সমৰ্থকে আগবঢ়োৱা শিশু উপযোগী কিতাপসমূহে এই পুথিভঁৰাল সমৃদ্ধ কৰিছে৷ এই মুকলি গ্ৰন্থাগাৰে বান উপদ্ৰুত অঞ্চলৰ শিশুৰ মানসিক বিকাশত প্ৰভূত সহায় কৰিব বুলি মত প্ৰকাশ কৰি স্থানীয় ৰাইজে ৰেইনড্ৰপছ ইনাইটিভৰ প্ৰচেষ্টাক শলাগ লোৱাৰ সমান্তৰালভাবে অনুষ্ঠানটোৱে তেওঁলোকলৈ শিশু উপযোগী কিতাপৰ টোপোলা আগবঢ়াই এই সপোনৰ অংশীদাৰ হোৱা প্ৰতিগৰাকী শুভাকাংক্ষীলৈও অশেষ ধন্যবাদ জ্ঞাপন কৰিছে৷ অনুষ্ঠানটোৰ কৰ্মকৰ্তা সকলৰ মতে -“ এই সৰু যাত্ৰাটোৱে এদিন ১০০খন গাঁও স্পৰ্শ কৰক— এয়াই আমাৰ সপোন।

প্ৰতিখন বানপীড়িত এখন গাঁৱত একোটাকৈ সৰু শিশু পুথিভঁৰাল হওক আৰু এনে পুথিভঁৰালত কোনো তলাৰ ব্যৱস্থা নাথাকিব; যাৰ যেতিয়াই মন যায়, কিতাপবোৰ লিৰিকি-বিদাৰি চাইছে, পঢ়িছে, কিতাপৰ পাতৰ গোন্ধ লৈছে। মোবাইলটোৰ পৰা আঁতৰি আহি নতুন কিবা এটা জনাৰ আগ্ৰহ কৰিছে। জীৱনত আগবাঢ়ি যোৱাৰ সাহস পাইছে, মানুহ হোৱাৰ সপোন দেখিছে, এয়াই ৰেইনড্ৰপছ ইনাইটিভৰ কামনা” ।

Related Articles