শিৱসাগৰৰ বেতবাৰীত উপস্থিত গৰিমা গাৰ্গ। জুবিন ফেন ক্লাব আৰু সৰ্বভাৰতীয় চিকিৎসালয় সংস্থাৰ (AHPI NE1 Chapter) সহযোগত সাহায্য বিতৰণ।
বানপীড়িতসকলক মানৱীয় সহায় আগবঢ়োৱাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই পদক্ষেপ অনেক জনৰ দান বৰঙনিৰ জৰিয়তে সম্পন্ন কৰা হৈছে বুলি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত গৰিমা গাৰ্গে উল্লেখ কৰে । লগতে তেওঁ এই দুৰ্যোগৰ সময়ত মানুহে মানুহৰ কাষত থিয় দিয়াটো মানুহৰ এক গুন।
প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ নেতৃত্বত আজি শিৱসাগৰ চহৰৰ সমীপৰ বেতবাৰী অঞ্চলত বানপীড়িত লোকসকলৰ মাজত সাহায্য বিতৰণ কৰা হয়। সুৰ বাহিনীৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত চলচ্চিত্ৰ সমাজ অসম, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচন, গুৱাহাটী চিনে মিউজিচিয়ানছ এছ’চিয়েচন, জুবিন ফেন ক্লাব আৰু সৰ্বভাৰতীয় চিকিৎসালয় সংস্থাই (AHPI NE1 Chapter) সহযোগ কৰে।
বানপীড়িতসকলক মানৱীয় সহায় আগবঢ়োৱাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই পদক্ষেপ অনেক জনৰ দান বৰঙনিৰ জৰিয়তে সম্পন্ন কৰা হৈছে বুলি সংবাদ-মাধ্যমৰ সৈতে হোৱা কথা বতৰাত গৰিমা গাৰ্গে উল্লেখ কৰে। লগতে তেওঁ এই দুৰ্যোগৰ সময়ত মানুহে মানুহৰ কাষত থিয় দিয়াটো মানুহৰ এক গুৰু দায়িত্ব বুলি অভিহিত কৰে।

