সংবাদমেল যোগে বানাক্ৰান্তক লৈ বহু গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেল যোগে বানাক্ৰান্তক লৈ বহু গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-

৭ আগষ্টৰ পৰা চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাটত আৰম্ভ হ’ব জৰীপ।

১০-১৫ দিনৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব জৰীপ।

আগষ্টৰ ভিতৰত আদায় দিয়া হ’ব ক্ষতিপূৰণ।

২-৩ আগষ্টৰ পৰা বন্যাৰ্তই লাভ কৰিব ১৫ হাজাৰ টকাকৈ সাহায্য।

ইউনিফৰ্মৰ বাবে মোকলাই দিয়া হৈছে ৮ কোটি টকা।

ইতিমধ্যে প্ৰেৰণ কৰা হৈছে বিনামূলীয়া পাঠ্যপুথি।

৫ আগষ্টত বীমা কোম্পানীসমূহৰে আলোচনাত বহিব মুখ্যমন্ত্ৰী।

বীমা কোম্পানীয়ে গাড়ী, মটৰৰ বীমা প্ৰদানত গাফিলতি কৰিব নোৱাৰিব।

বান ক্ষতিগ্ৰস্তক সকাহ দিয়াৰ বাবে এই পদক্ষেপ।

NBFCৰেও ৫ আগষ্টত অনুষ্ঠিত হ’ব বৈঠক।

বান পৰিস্থিতি পৰ্যৱেক্ষণৰ বাবে ২-৩ দিনৰ ভিতৰত পুনৰ চৰাইদেউ, শিৱসাগৰলৈ যাব মুখ্যমন্ত্ৰী।

আজিয়েই উজনিলৈ ৰাওনা হ’ব মন্ত্ৰীৰ দল।

বাট-পথ, আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰাইদেউ, শিৱসাগৰ জিলাৰ বাবে হ’ব সুকীয়া পেকেজ।

বোকা নিষ্কাশনৰ বাবে বিদ্যালয়সমূহক দিয়া হ’ব ২ৰ পৰা ৩ লাখ টকাকৈ।

উজনিৰ ৪ জিলাত ৯ আগষ্টৰ পৰা পাঠদান আৰম্ভ কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে।

৭ আগষ্টৰ পৰা চৰাইদেউ ,শিৱসাগৰ, যোৰহাট, গোলাঘাটত আৰম্ভ হ’ব জৰীপ।

২-৩ আগষ্টৰ পৰা বন্যাৰ্তই লাভ কৰিব ১৫ হাজাৰ টকাকৈ সাহায্য।

ইউনিফৰ্মৰ বাবে মোকলাই দিয়া হৈছে ৮ কোটি টকা।

ইতিমধ্যে প্ৰেৰণ কৰা হৈছে বিনামূলীয়া পাঠ্যপুথি।

প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী অসমৰ বানক লৈ সচেতন,মুহূৰ্তে মুহূৰ্তে দুয়োজনে লৈ আছে বান পৰিস্থিতিৰ খবৰ।

সংবাদমেলযোগে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Related Articles