সাহিত্য সংস্কৃতি

Guru Avirbhav Mahotsav in Kaliabor: কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ গুৰুজয়ন্তী মহোৎসৱত মন্ত্ৰী কেশৱ মহন্ত

"সত্ৰীয়া কৃষ্টি-সংস্কৃতিক আগবঢ়াই লৈ যোৱা সকলো পদক্ষেপতে কলিয়াবৰীয়া এগৰাকী সত্ৰীয়া হিচাপে যৎপৰোনাস্তি সহায়-সহযোগিতাৰে সেৱা ধৰি যাব।" এই বক্তব্য অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তৰ(Keshab Mahanta in Guru Avirbhav Mahotsav in Kaliabor)।

Durga Puja: পূজা তেতিয়াই ভাল আছিল, তেতিয়া চাইকেল চলাই পূজা চাবলৈ যোৱাৰ মজাই বেলেগ আছিল

গুৱাহাটী, ৯ অক্টোবৰ:( Durga Puja)এইবাৰ পূজাৰ বন্ধত প্ৰাঞ্জলহঁতৰ পৰিয়ালটো বাংগালুৰুলৈ ফুৰিবলৈ যাব। ৰক্তিমহতে আকৌ ইতিমধ্যে চিকিম, দাৰ্জিলিং যাবলৈ ৰেলৰ টিকেট বহুদিনৰ আগেয়ে কাটি থৈছে। চুবুৰীয়া দীপকহতৰ অৰুণাচল যোৱাৰ মন। মোক লৰা ছোৱালী কেইতাই কৰবালৈ লৈ যাবলৈ কুতুৰি কামুৰি আছে। সিহঁতৰ বহুদিনৰে পৰা এৰোপ্লেনত উঠাৰ মন। মাজে মাজে মোক কয়, তুমি হলে গৈ থাকা। আমাক নিনিয়া। মই কওঁ, ভালকৈ পঢ়া শুনা কৰা, ডাঙৰ হলে তোমালোকে নিজেই যাব পাৰিবা। কেতিয়াবা এদিন বাৰু মই প্লেনত উঠাই আনিম। মনে মনে মইও ভাবি নথকা নহয়। কিন্তু ভাবিলে হব কিটো, ইটোৰ পিছত সিটো লেথা নুগোছেই দেখোন। পূজাৰ আগে আগে পৰিবাৰেও কথাটো উলিয়াইছিল। পূজাত পাৰিলে দিল্লীখনকে দেখুৱাই অনাৰ কথাটো। প্লেনতো উঠোৱা হব আৰু দিল্লীখনো দেখুওৱা হব। পিছে নহলগৈ। এৰাব নোৱাৰা সমস্যা এটাই দেখা দিলে। তাতে মোৰো আকৌ জকাই চুকীয়া মন।

BOOK: শিশুটিক পুতলা পিষ্টলৰ সলনি এখন কিতাপ উপহাৰ দিয়ক

(BOOK)মানুহৰ মানসিক স্বাস্থ্যৰ উৎকৰ্ষ সাধন কৰাৰ ক্ষেত্ৰত এখন কিতাপৰ গুৰুত্ব অপৰিসীম। মানুহে অভিজ্ঞতা আৰু অধ্যয়ন এই দুয়োটা কাৰকৰ পৰা শিকিব লগা বহুদিশেই আছে।হতাশ দিনবোৰতো এজন মানুহে নিজকে তুলি ধৰিব পৰাকৈ সংগ এখন কিতাপে মানুহক দিব পাৰে।

70th National Film Awards: বিৰুবালা- ‘উইটচ’ টু পদ্মশ্ৰী-ৰ বাবে বিচাৰকৰ বিশেষ বঁটা গ্ৰহণ অভিনেত্ৰী আইমী বৰুৱাৰ

নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা-অভিনেত্ৰীসকলক সন্মানিত কৰে । এই অনুষ্ঠানতে আইমী বৰুৱা প্ৰডাকচন ছ’চাইটীৰ প্ৰযোজনা আৰু আইমী বৰুৱাৰ পৰিচালনাত নিৰ্মিত বিৰুবালা- ‘উইটচ’ টু পদ্মশ্ৰী তথ্যচিত্ৰখনক বিচাৰকৰ বিশেষ বঁটা প্ৰদান কৰা হয় ।

70th National Film Awards: দাদা চাহেব ফাল্কে বঁটা গ্ৰহণ কৰি আবেগিক হৈ পৰা মিঠুন চক্রৱর্তীয়ে কলে – মই যদি পাৰিছো, তোমালোকেও অৱশ্যেই পাৰিবা”

ভাৰতীয় ছবি জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বৰ্ষিয়ান অভিনেতা মিথুন চক্ৰৱৰ্তীক সন্মান প্ৰদান(Mithun Chakraborty Receives Dadasaheb Phalke Award)। ‘ডিস্কো ডেঞ্চাৰ'খ্যাত শিল্পীগৰাকীক মঙলবাৰে নতুন দিল্লীত ভাৰতীয় চিনেমাৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফালকে বঁটা প্ৰদান কৰা হয়(70th National Film Awards) ।

Popular