বৰপেটাৰোডত ভয়ংকৰ কাণ্ড বৰপেটাৰোডৰ শাক-পাচলি বজাৰত পোহৰলৈ আহিছে এক ভয়ঙ্কৰ আৰু শিহৰণকাৰী দৃশ্য। আপুনি বজাৰৰ পৰা কিনি অনা সেউজীয়া শাক-পাছলি খাইছে নেকি? তেন্তে এতিয়াই সাৱধান হওক কিয়নো পটলত মিহলাইছে বিষাক্ত ৰাসায়নিক ৰং!
কেৱল পইচাৰ লোভত একাংশ অসাধু ব্যৱসায়ে চলাইছে মানুহৰ জীৱনক লৈ হেতালি। সতেজ দেখুৱাবৰ বাবে পটলত বিষাক্ত কেমিকেল আৰু ৰং মিহলাই অসমৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰি থকাৰ এক বিস্ফোৰক তথ্য ফাদিল হৈছে।
মাষ্টাৰমাইণ্ড হাইদৰ আলি অভিযোগ অনুসৰি বৰপেটাৰোডৰ পাচলি ব্যৱসায়ী হাইদৰ আলি নামৰ এজন ব্যক্তিৰ নেতৃত্বত দীৰ্ঘদিনৰে পৰা চলি আছে এই সৰবৰাহ আৰু ভয়ংকৰ কলা ব্যৱসায়।
জনস্বাস্থ্যলৈ চৰম ভাবুকি এই বিষাক্ত ৰাসায়নিক পদার্থই মানৱ স্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে চৰম ভাবুকি। মৰণফান্দত পৰিছে সাধাৰণ গ্ৰাহক।
এই বাতৰিৰ পিছত বিভাগীয় কর্তৃপক্ষই টোপনিৰ পৰা সাৰ পাবনে? এই চক্ৰটোৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া হ’ব লক্ষ্যণীয়।

