Breaking

স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান আলফাৰঃ কোন দিশে শান্তি আলোচনা?

0 2,101

আলফা-চৰকাৰৰ আলোচনাত যেন একপ্ৰকাৰ যতি পৰিল৷ অসম চৰকাৰৰ প্ৰচেষ্টা আৰু আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সদিচ্ছাত আলফা-চৰকাৰৰ মাজত আলোচনাৰ পৰিবেশ এটা গঢ় লৈ উঠিছিল যদিও আজি আলফাই প্ৰেৰণ কৰা এক বিবৃতিয়ে আলফা-চৰকাৰৰ সম্ভাৱ্য আলোচনাত যতি পেলোৱাৰ সম্ভাৱনাকহে প্ৰকট কৰি তুলিলে৷ স্বাধীনতা দিৱসৰ বৰ্জনৰ আহ্বানেৰে আলফা, এনএছচিএন/জিপিআৰএন-এ আজি সংবাদ প্ৰেৰণ কৰিছে যৌথ বিবৃতি৷ বিবৃতিযোগে আলফাই কয়, সৰ্বসাধাৰণৰ জীৱনশৈলী নিম্নগামীৰ এনে আপদকালত পীড়িত জনগণৰ কাষত অসমৰ্থ ৰাষ্ট্ৰই ১৫ আগষ্টত, ইয়াৰ ৭৬সংখ্যক তথাকথিত ‘স্বাধীনতা দিৱস’ উদযাপন কৰিবলৈ লোৱাটো অন্যায়, ঐতিহাসিকভাৱে অপ্ৰাসংগিক আৰু মূল্যহীন৷ দেশৰ স্বাধীনতা দিৱসৰ বৰ্জনৰ আহ্বান জনোৱাৰ উপৰি ১৫ আগষ্টৰ দিনটোত সৰ্বাত্মক বন্ধ ঘোষণা কৰিছে আলফাই৷ যৌথ বিবৃতিযোগে অসম আৰু নগালেণ্ডৰ উপৰিও মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়ৰ সমূহ ৰাজনৈতিক, অ-ৰাজনৈতিক, জাতীয় দল-সংগঠন আৰু সৰ্বস্তৰৰ ৰাইজক ভুৱা ‘স্বাধীনতা দিৱস’ৰ সকলো প্ৰকাৰৰ  কাৰ্যক্ৰমণিকাত যোগদানৰ লগতে ব্যক্তিগত স্তৰতো পালন কৰাৰ পৰা বিৰত থাকিবলৈ আলফাই আহ্বান জনাইছে৷ 

আলফাৰ এই আহ্বানৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া৷ যিসময়ত ৰাজ্য চৰকাৰে ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে, তেনেসময়তে আলফাৰ আহ্বানে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ এইবেলি স্বাধীনতা দিৱসক লৈ অসম চৰকাৰেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ সেই অনুসৰি, ১৩, ১৪ আৰু ১৫ আগষ্টত অসমবাসীক ঘৰে ঘৰে জাতীয় পতাকা উৰুৱাই স্বাধীনতা দিৱস উদযাপনৰ বাবে আহ্বান জনাইছে৷ আৰু এনে এক সময়তে আলফাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান বিশেষভাৱে তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে৷ কিয়নো, আলফা-চৰকাৰৰ আলোচনাৰ মাধ্যমেৰে ৰাজ্যত এক শান্তি শৃংখলাৰ পৰিবেশ গঢ় লৈ উঠিব বুলি ৰাজ্যবাসীয়ে আশা কৰিছিল৷ ৰাজ্যবাসীয়ে এয়াও আশা কৰিছিল যে পূৰ্বজ মুখ্যমন্ত্ৰীৰ দৰে নহৈ হিমন্ত বিশ্ব শৰ্মাই আলফা-চৰকাৰৰ আলোচনাক লৈ বিশেষ ভূমিকা গ্ৰহণ কৰিব৷ আৰু প্ৰথমাৱস্থাত তেনেকৈয়ে দেখা গৈছিল মুখ্যমন্ত্ৰীগৰাকীক৷ আনকি, মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈছিল পৰেশ বৰুৱাও৷

বিগত বৰ্ষৰ ১০ মে’ত হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ পাছত যোৱাবেলিৰ স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনোৱা নাছিল আলফাই৷ যুদ্ধবিৰতি ঘোষণা কৰিছিল আলফাই৷ কিন্তু, ক’ৰবাত যেন কেণা লাগিল৷ আলফালৈ চোৰাংচোৱা পঠালে ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াই৷ পৰিণতিত চোৰাংচোৱাগিৰি কৰিবলৈ যোৱা যুৱকক মৃত্যুদণ্ড দিলে আলফাই৷ প্ৰতিক্ৰিয়া হ’ল৷ সমালোচিত হ’ল আলফা৷ তাৰ পাছত দেখা গ’ল, আলফাক সমৰ্থন কৰাৰ অভিযোগত, আলফাক সমৰ্থন কৰি কবিতা লিখা বাবে জেললৈ গ’ল তৰুণ-তৰুণী৷ এনেকৈয়ে যেন আলফা আৰু চৰকাৰৰ মাজত বাঢ়ি আহিল দুৰত্ব৷ আৰু আজি আলফাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বানেৰে প্ৰেছ বিবৃতি৷ যেন প্ৰতিটো প্ৰসংগৰে মিল আছে ইটোৰে সিটোৰ৷ এতিয়া লক্ষ্যণীয় হ’ব আলফা-চৰকাৰৰ আলোচনাই কি গতি লয়৷ একেদৰে আজিৰ আহ্বানৰ পাছত আলফাৰ আহ্বান সম্পৰ্কত ৰাজ্য চৰকাৰে কি স্থিতি গ্ৰহণ কৰে সেয়াও হ’ব লক্ষ্যণীয়৷

Leave A Reply