Breaking

সৰ্বকালৰ নিম্নতম স্তৰত টকাৰ মূল্য! বিশ্ব বজাৰত ভাৰতীয় মুদ্ৰাৰ অভিলেখ পতন… 

0 2,162

আশংকাক সত্য প্ৰমাণিত কৰি সপ্তাহটোৰ প্ৰথম দিনাই বিশ্ব বজাৰত ভাৰতীয় মুদ্ৰাৰ পতনৰ অভিলেখ। সহজ ভাষাত ক’বলৈ গ’লে লক্ষ্যণীয়ভাৱে অৱনতি ঘটিছে টকাৰ মূল্যৰ৷ সোমবাৰে মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পালে ২০ পইচা। এতিয়ালৈকে ভাৰতীয় মুদ্ৰাৰ নিম্নগামী মূল্যই গঢ়িছে অভিলেখ। ফলত দিনটোৰ শেষত ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য বৃদ্ধি পাই হ’লগৈ ৭৯.৪৩ টকা।


এতিয়া এক মাৰ্কিন ডলাৰৰ বিপৰীতে প্ৰদান কৰিব লাগিব ৭৯.৪৩ টকা। কিন্তু আজিৰ দিনটোত বজাৰ মুকলি হোৱাৰ পাছতে টকাৰ মূল্য অস্বাভাৱিকভাৱে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। দিনৰ মাজভাগত ডলাৰত টকাৰ মূল্য সৰ্বকালৰ নিম্নতম স্তৰত,এই পৰিসংখ্যাই প্ৰৱেশ কৰিছে আশীৰ কোঠালীত। কিন্তু ভাৰতৰ কেন্দ্ৰীয় বেংকে বিপদৰ আগতীয়াকৈ কিছু পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজনীয় বুলি বিবেচিত হৈছে। 


স্বাভাৱিকতে, ভাৰতীয় টকাৰ এই নিৰন্তৰ অৱনতিৰ বাবে বিৰোধীয়ে মোদী চৰকাৰৰ দিশহীন অৰ্থনীতিকে দোষাৰোপ কৰিছে। অৰ্থনীতিৰ ব্যৱসায়ীসকলেও শাসকপক্ষৰ নেতিবাচক ধাৰাত বিপদৰ আগজাননী পাইছে। এইবাৰ পেট্ৰ’ল-ডিজেলৰ দাম পুনৰ বৃদ্ধি হ’বলৈ গৈ আছে বুলি আশংকা প্ৰকাশ কৰিছে ব্যৱয়াসীসকলে। কাৰণ, ভাৰতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰা ডলাৰত ইন্ধন ক্ৰয় কৰিব লাগিব। পৰিৱর্তিত পৰিস্থিতিত কেন্দ্রই কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!

Leave A Reply