দৰং জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান হাজৰিকাপাৰাৰ গান্ধীস্মৃতি উচ্চতৰ মাধমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক,উপাধ্যক্ষ হৰেন কলিতাক বিদ্যালয় খনৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী সকলৰ লগতে স্হানীয় ৰাইজে তেখেতক চাকৰি জীৱনৰ অৱসৰকালীন বিদায় সম্বৰ্ধনা জনায়। এই উপলক্ষে যোৱা ২৮ আগষ্ট তাৰিখে বিদ্যালয়খনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিক্ষক কলিতাক সূদীৰ্ঘ দিনৰ শিক্ষকতা জীৱনৰ কৃতিত্ব পূৰ্ণ সেৱাৰ লগতে শিক্ষকতাৰ উপৰি হাজৰিকাপাৰা অঞ্চলৰ সমাজ জীৱনৰ শৈক্ষিক আৰু বৌদ্ধিক ক্ষেত্ৰখনৰ উত্তৰণত ওতঃপ্ৰোত ভাবে জড়িত থাকি তেখেতে আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ কৃতজ্ঞতাৰ স্বীকৃতি হিচাপে ছাত্ৰ ছাত্ৰী,শিক্ষক কৰ্মচাৰী সকলে বিভিন্ন উপহাৰ প্ৰদানেৰে এক আবেগিক পৰিবেশৰ মাজেৰে তেখেতক বিদায় সম্ভাষণ জনায়।ছিপাঝাৰৰ মাৰৈত জন্ম গ্ৰহন কৰা কলিতাই ১৯৯৫ চনৰ অক্টোবৰ মাহত বিদ্যালয়খনত শিক্ষক হিচাপে চাকৰিত যোগদান কৰি ২০২৬ চনৰ ৩০ জুনত অৱসৰ গ্ৰহণ কৰে।উল্লেখযোগ্য যে,তেখেতে বিদ্যালয়খনৰ জৰিয়তে অঞ্চলটিৰ শৈক্ষিক, বৌদ্ধিক ক্ষেত্ৰখনৰ উত্তৰণত বিশেষ ভূমিকা পালন কৰি জনপ্ৰিয়তা অৰ্জন কৰিব সক্ষম হয়।
বিদ্যালয়খনৰ অধ্যক্ষ ৰেখা মনি বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাত বক্তব্য প্ৰদান কৰি অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক দ্বীপেন মেধিয়ে কয় যে,হৰেন কলিতা দেৱ প্ৰতিগৰাকী লোকৰ বাবে আদৰ্শ স্বৰূপ। অকল বিদ্যায়তনিক ক্ষেত্ৰখনতে নহয় ক্ৰীড়া,সাংস্কৃতিক, সাহিত্য, সাংবাদিকতা, বৌদ্ধিক ক্ষেত্ৰখনত তেখেতৰ অৱদান অনস্বীকাৰ্য্য।২০২৫ বৰ্ষত তেখেতক জিলা প্ৰশাসনে শিক্ষক দিৱসত কৃতী শিক্ষক বঁটা প্ৰদান কৰে।ইয়াৰ ওপৰি তেখেতে ২০২৪ বৰ্ষত বিদ্যালয়খনৰ অনুষ্ঠিত মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সাধাৰণ সম্পাদক হিচাপে গুৰু দায়িত্ব পালন কৰি অনুষ্ঠানটিৰ সামগ্ৰিক সফলতাৰ দিশত তেখেতে লোৱা ভূমিকা অনস্বীকাৰ্য্য । এগৰাকী সুলেখক, ঘোষক,সামাজিক সংগঠক হিচাপে সু-পৰিচিত শিক্ষক কলিতাক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী,শিক্ষক-কৰ্মচাৰীসকল,প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সকলে বিদায় মূহুৰ্তত শৰাই, মানপত্ৰ, স্মাৰক,গ্ৰন্থ,বস্ত্ৰ,কলম,গামোছা,চেলেং চাদৰ,আনছা,আৰনাই, ছাত্ৰ ছাত্ৰী সকলে নিজ হাতে প্ৰস্তুত কৰা শুভেচ্ছা পত্ৰ, অংকিত ফটো আদিৰে শিক্ষক কলিতাক অৱসৰকালীন বিদায় সম্ভাষণ জনায়।পুৱাৰ ভাগত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰী সকলে তেখেতক শোভাযাত্ৰাৰে বিদ্যালয়লৈ আদৰি আনে।ইয়াৰ পাছতে অনুষ্ঠিত সম্বৰ্ধনা সভাত বিদ্যালয়খনৰ অধ্যক্ষ বৰুৱাই ভাষন প্ৰসংগত কয় যে, বিদ্যালয়খনৰ শৈক্ষিক ,প্ৰশাসনিক বিভিন্ন দিশত হৰেন কলিতাৰ অৱদান আছিল উল্লেখযোগ্য ।
সম্বৰ্ধনা সভাখন আৰম্ভ হয় ছাত্ৰ ছাত্ৰী সকলে পৰিবেশন কৰা এটি বৃন্দ গীতৰে।শিক্ষয়িত্ৰী জ্যোতিৰেখা ডেকাই আতধৰা বিদায় সম্বৰ্ধনা সভাত বক্তব্য প্ৰদান কৰি শিক্ষয়িত্ৰী ৰঞ্জনা দেৱী,শিক্ষক মুকুল বৰুৱা,শিক্ষক সৌৰভ কুমাৰ, শিক্ষয়িত্ৰী অৰ্চনা নন্দিতা শৰ্মা,শিক্ষয়িত্ৰী জয়মতী দেৱী,অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী সবিতা কলিতা,শিক্ষয়িত্ৰী পম্পী কলিতা, বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ কাৰ্যালয় সহায়ক ধ্ৰুৱজ্যোতি কৌশিক, কৰ্মচাৰী মৃগাংক বড়ো, প্ৰাক্তন ছাত্ৰ মৃগাংক কলিতা, ছাত্ৰ নয়ন নিলীম ডেকা, ছাত্ৰী জেৰী ডেকা,ছাত্ৰী ধৃতিস্মিতা শৰ্মাৰ উপৰি জ্যেষ্ঠ শিক্ষক ৰাজেন শৰ্মা, শিক্ষক কৰ্মচাৰী গোটৰ সম্পাদক তীৰ্থ কলিতাই শিক্ষক কলিতাৰ কৰ্মৰাজি বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে।আনহাতে, মঙলদৈৰ মিলনপুুৰত তেখেতে চাকৰি জীৱন সুখ্যাতিৰে অতিবাহিত কৰাৰ বাবে ৰাজ্যিক বটাঁ প্ৰাপক কৃতী শিক্ষক চন্দ্ৰ চহৰীয়া,অৱসৰপ্ৰাপ্ত শিক্ষক ভবেন বৰুৱা,সমাজকৰ্মী,স্বাস্থ্য বিভাগৰ কৰ্মচাৰী তৰুন হাজৰিকা,হিৰেণ কুমাৰ নাথ, দেবেন্দ্ৰ চন্দ্ৰ নাথ,পূৰন চন্দ্ৰ নাথ,ডাঃ ব্ৰজেন কলিতা, উত্তৰ মঙলদৈ উচচ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী বিজুলী গোস্বামী, মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী কল্পনা দেবী,ডাঃবিমল বড়ো,ক্রীড়া সংগঠক কুমুদ কুমাৰ বৰা,নগাওঁ জিলাৰ নিজ নাৰিকলী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শৈলেন্দ্ৰ কুমাৰ নাথ, নিজ শ্যামাবাৰী উত্তৰ চুবা এম.ই,স্কুলৰ শিক্ষয়িত্ৰী কৰবী নাথ,ৰাাহ বিভাগৰ কৰ্মচাৰী অৰ্পন হোজাই প্ৰমূখ্যে বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে মিলনপুৰৰ বাসগৃহত উপস্থিত থাকি তেখেতক উষ্ম অভিনন্দন জনায়।

